Air india Flight Crash:
অভিশপ্ত বিমানখনত আছিল উত্তৰ-পূৰ্বাঞ্চলৰ দুগৰাকী পৰিচাৰিকা। মণিপুৰৰ নাংথৈ শৰ্মা কংগ্রাবাইলাটপাম (২২) আৰু লামনুনথেম ছিংছন (২৮) আছিল বিমানখনৰ পৰিচাৰিকা। এই ঘটনাত দুয়ো গৰাকী যুৱতীৰ পৰিয়াল শোকত ভাগি পৰিছে।
নাংথৈৰ ঘৰ সংঘৰ্ষজৰ্জৰ মণিপুৰৰ খৌবাল জিলাত। বিমান দুর্ঘটনাৰ বাতৰি বিয়পি পৰাৰ লগে লগে আত্মীয়-স্বজন আৰু ওচৰ-চুবুৰীয়া লোক তেওঁলোকৰ বাসগৃহত সমৱেত হয়। পৰিয়ালৰ লোকৰ স’তে বৃহস্পতিবাৰে পুৱা ন বজাত শেষবাৰৰ বাবে নাংথৈয়ে কথা পাতিছিল বুলিও আত্মীয়-স্বজনে প্রকাশ কৰে। গভীৰ দুখ আৰু বেদনাৰে শোকস্তব্ধ ঘৰখনত এতিয়া এক নিজান পৰিৱেশ বিৰাজ কৰিছে। আশাত বন্দী পৰিয়ালৰ লোকে কয় যে নাংথৈৰ ম’বাইল ফোনটো এতিয়াও বাজি আছে। কেৱল বাজিছে বাৰে বাৰে। কিন্তু কোনো সঁহাৰি নাই। এইদৰে কৈ কান্দোনত ভাগি পৰে তেওঁৰ আত্মীয়।
খেনজিতা নামৰ নিকট আত্মীয় গৰাকীয়ে কয়, ‘তাইৰ ফোনটো বহুবাৰ বাজিছে। এতিয়াও ইণ্টাৰনেট অন হৈ আছে। ফোনটো এতিয়াও ছিগনেল পাই আছে। তাৰ মানে কিবা এটা আছে। হয় নে নহয়?’ দুর্ভাগ্যজনক ঘটনাৰ মাত্র কিছু সময় পাছতে ঘৰৰ স’তে কথা পাতিছিল নাংথৈয়ে আৰু প্ৰেৰণ কৰিছিল বার্তাও। তাত লিখিছিল, ‘মই লণ্ডনলৈ যাবলৈ ওলাইছো। মাত্র কিছু সময়ৰ পাছতে আমি টেক অফ কৰিম। আমি বোধ হয় কিছু সময় কথা পাতিব নোৱাৰিম।’