Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Former PM Dr.Manmohan Singh Passes Away:প্রাক্তন প্রধানমন্ত্রী ড° মনমোহন সিঙৰ বিয়োগত শোকস্তব্ধ দেশবাসী

কর্মময় জীৱনৰ ৩৩ বছৰ ৰাজ্যসভাৰ সাংসদৰূপে কার্যনির্বাহ, একাধিক কার্যকাল অসমক কৰিছিল প্রতিনিধিত্ব, ৭ দিনীয়া ৰাজ্যিক শোক পালন কৰিব অসম চৰকাৰে, ৰাজ্য চৰকাৰৰ সকলো প্ৰতিষ্ঠানতে অৰ্ধনমিতকৈ উৰিব ৰাষ্ট্ৰীয় পতাকা, সপ্তাহটিত বাতিল কৰা হৈছে সকলো চৰকাৰী মনোৰঞ্জনমূলক কাৰ্যসূচী, ৰাষ্ট্ৰপতি মুর্মু-প্রধানমন্ত্রী মোদীসহ বিভিন্নজন নেতা প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ বাসগৃহত উপস্থিত, শনিবাৰে দিল্লত ৰাষ্ট্ৰীয় মৰ্যদাৰে সম্পন্ন হ'ব শেষকৃত্য

publisher by publisher
December 27, 2024
in India, News
Reading Time: 4 mins read
0
Former PM Dr.Manmohan Singh Passes Away:প্রাক্তন প্রধানমন্ত্রী ড° মনমোহন সিঙৰ বিয়োগত শোকস্তব্ধ দেশবাসী
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Former PM Dr.Manmohan Singh Passes Away:

দেশৰ অৰ্থনীতিৰ নৱজাগৰণৰ দ্বাৰ মুকলিৰ মূল হোতা ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ তথা প্রাক্তন প্রধানমন্ত্রী ড: মনমোহন সিঙৰ দেহাৱসান ৷

ADVERTISEMENT

বৃহস্পতিবাৰে নিশা ৯-৫১ বজাত নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্রতিষ্ঠান (এইমছ নতুন দিল্লী)ত আকস্মিকভাবে প্রসিদ্ধ অর্থনীতিবিদ জনৰ বিয়োগ ঘটে। এই বাতৰি বিয়পি পৰাৰ লগে লগে দেশে-বিদেশে শোকৰ ছাঁ পৰে। শোকস্তব্ধ হৈ পৰে তেওঁৰ পৰিয়ালৰ লগতে দেশে-বিদেশে থকা তেওঁৰ অগণন গুণমুগ্ধ। এইমূছ দিল্লীৰ সংবাদ মাধ্যম কোষৰ ভাৰপ্ৰাপ্ত অধ্যাপক ডাঃ ৰীমা দাদাই প্রকাশ কৰা অনুসৰি হঠাৎ অসুস্থ হৈ পৰা ড° সিঙক বৃহস্পতিবাৰে সন্ধিয়া ৮-০৬ বজাত এইমূছ দিল্লীৰ জৰুৰী কক্ষত ভর্তি কৰা হয়। চিকিৎসকৰ চেষ্টৰ মাজতো তেওঁৰ স্বাস্থ্যৰ অবনতিহে ঘটে। অৱশেষত নিশা ৯-৫১ বজাত তেওঁ শেষনিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত ড° সিঙৰ বয়স হৈছিল ৯২ বছৰ। তেওঁৰ মৃত্যুৰ খবৰ প্ৰথমে প্রিয়ংকা গান্ধী বাদ্ৰাৰ স্বামী ৰবাৰ্ট বাদ্রাই সামাজিক মাধ্যমত এটা প’ষ্টযোগে দিয়ে যদিও কিছুসময়ৰ পাছতে তেওঁ প’ষ্টটো ‘ডিলিট’ কৰে।

উল্লেখ্য যে ১৯৩২ৰ ২৬ ছেপ্টেম্বৰত পঞ্জাৱ প্ৰদেশৰ গাহ (বর্তমানে পাকিস্তানত)ত ড° সিঙৰ জন্ম হয়। ১৯৪৭ৰ দেশ বিভাজনৰ পাছত তেওঁৰ পৰিয়াল ভাৰতলৈ আহে। সমসাময়িক সময়ৰ অস্থিৰতাৰ মাজতো ড° সিং বিদ্যায়তনিক ক্ষেত্রত উজলি উঠিবলৈ সক্ষম হয়। সৰুৰে পৰা তীক্ষ্ণ বুদ্ধিমত্তাৰ পৰিচয় দিয়া ড° সিঙে ১৯৪৮ত চণ্ডীগড়স্থিত পঞ্জাৱ বিশ্ববিদ্যালয়ৰ অধীনত মেট্রিক পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হয়। পৰৱৰ্তী সময়ত তেওঁ পঞ্জাব বিশ্ববিদ্যালয়ৰ পৰা অর্থনীতিত প্ৰথম শ্ৰেণীৰ ডিগ্রী গ্ৰহণ কৰে। সেই সূত্রে তেওঁ বিশ্বৰে নামজুলা উচ্চ শিক্ষানুষ্ঠান ব্রিটেইনৰ কেমব্রিজ বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণৰ সুযোগ লাভ কৰে। ১৯৫৭ত তেওঁ কেমব্রিজ বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত সম্মানসহ প্রথম শ্রেণীৰ ডিগ্রী লাভ কৰে। ১৯৬২ত তেওঁ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ নুফিল্ড কলেজৰ পৰা অৰ্থনীতিত ডি ফিল ডিগ্রী লাভ কৰে। তেওঁ ভাৰতৰ অন্তর্মুখী বাণিজ্য নীতিক সমালোচনা কৰি লিখা ‘ইণ্ডিয়াজ এক্সপ’র্ট ট্রেণ্ডছ এণ্ড প্রচপেক্টছ ফৰ ছেফ্ট-ছাষ্টেইণ্ড গ্র’থ’ হৈছে এখন সমাদৃত গ্রন্থ।

ব্রিটেইনৰ পৰা তেওঁ শিক্ষা সমাপ্ত কৰি ভাৰতলৈ ঘূৰি আহি কিছু বছৰ পঞ্জাব বিশ্ববিদ্যালয় আৰু দিল্লী স্কুল অব ইক’ন’মিক্সত অধ্যাপনা কৰে। তদুপৰি তেওঁ কিছু বছৰ ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু উন্নয়ন সংস্থাৰ সচিবালয়তো কার্যনির্বাহ কৰো। ১৯৭১ত ড° সিঙে দেশৰ বাণিজ্য মন্ত্রণালয়ৰ আৰ্থিক উপদেষ্টাৰূপে যোগদান কৰে। ইয়াৰ পাছৰ বছৰ তেওঁ কেন্দ্ৰীয় বিত্ত মন্ত্রণালয়ৰ মুখ্য অর্থনীতিবিদৰূপে নিযুক্তি লাভ কৰে। তদুপৰি কৰ্মময় জীৱনত তেওঁ কেন্দ্রীয় বিত্ত মন্ত্রণালয়ৰ সচিব, পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ, ভাৰতীয় বিজার্ভ বেংকৰ গৱৰ্ণৰ, প্ৰধানমন্ত্ৰীৰ উপদেষ্টা, বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষৰূপেও কার্যনির্বাহ কৰে। ১৯৯১ত ড: সিঙে ঘটনাক্রমে কেন্দ্রীয় বিত্তমন্ত্ৰীৰ দায়িত্ব লাভ কৰে। এই দায়িত্ব লাভৰ সময়লৈ তেওঁ সক্রিয় ৰাজনীতিত যোগদান কৰা নাছিল। কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ দায়িত্ব গ্রহণ আছিল ড° সিঙৰ কেৰিয়াৰৰ আটাইতকৈ উজ্জ্বল অধ্যায়।

গুণীৰ মোল বুজি তেওঁক তদানীন্তন প্রধানমন্ত্রী পি ভি নৰসিংহ ৰাওৱে দেশৰ অৰ্থনীতিক মুক্ত অর্থনীতিত পৰিণত কৰাৰ গুৰুদায়িত্ব অর্পণ কৰে। ৰাও-সিং যুটিৰ নেতৃত্বত ভাৰতে অর্থনৈতিক উদাৰীকৰণক মানি লয়। সেই সূত্রে দেশৰ নব্য অর্থনীতিৰ অন্যতম ৰূপকাৰক আখ্যা দিয়া হয় ড: সিঙক। কেন্দ্রীয় বিত্তমন্ত্ৰীৰূপে দায়িত্ব গ্ৰহণৰ পাছত তেওঁক কংগ্ৰেছে অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত কৰি নিয়ে। তেতিয়াৰে পৰা তেওঁ ৰাজ্যসভাৰ সাংসদৰূপে সুদীর্ঘ ৩৩ বছৰ কাল কাৰ্যনিৰ্বাহ কৰে। ১৯৯১ৰ পৰা ১৯৯৬লৈ ড° সিঙে দেশৰ বিত্তমন্ত্রীৰূপে কার্যনির্বাহ কৰে। অটল বিহাৰী বাজপেয়ী চৰকাৰৰ দিনত তেওঁ ১৯৯৮ৰ পৰা ২০০৪ লৈ ৰাজ্যসভাৰ বিৰোধী দলপতিৰূপে কার্যনির্বাহ কৰে।

২০০৪ত ঘটনাক্রমে ড: সিঙে দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লাভ কৰে। সেই সূত্রে তেওঁ একেৰাহে ১০ বছৰ কাল (২০০৪-১৪) প্রধানমন্ত্রীৰূপে কাৰ্যনিৰ্বাহ কৰে। কর্মময় জীৱন তথা অসামান্য প্ৰতিভাৰ পৰিচয় দিয়া ড° সিঙে জীৱন কালত অনেক সম্মানীয় বঁটা বাহন লাভ কৰে। ৰাজীৱ গান্ধী চৰকাৰৰ দিনত ১৯৮৭ত তেওঁক ভাৰত চৰকাৰে দেশৰ দ্বিতীয় সর্বোচ্চ অসামৰিক সম্মান ‘পদ্মবিভূষণ’ প্ৰদান কৰে। ১৯৯৫ত তেওঁক ভাৰতীয় বিজ্ঞান কংগ্ৰেছে জৱাহৰলাল নেহৰু জন্ম শতবার্ষিকী বঁটা প্রদান কৰে। ইয়াৰ পূৰ্বে তেওঁ বিত্তমন্ত্রী ৰূপে উল্লেখনীয় সেৱা আগবঢ়োৱাত ১৯৯৩-৯৪ ত এছিয়া মানি এৱাৰ্ড শীর্ষক বঁটা লাভ কৰে। তদুপৰি ১৯৯৩ত তেওঁ ‘ইউৰো মানি এৱাৰ্ড বঁটা লাভ কৰে।

আনহাতে, শিক্ষা সমাপ্তিৰ সময়ত তেওঁ ১৯৫৬৩ কেমব্রিজ বিশ্ববিদ্যালয়ৰ আডামস্মিথ বঁটা লাভ কৰে। ইয়াৰ এবছৰ পূৰ্বে তেওঁ উল্লেখনীয় পাৰদৰ্শিতাৰ বাবে কেমব্রিজ বিশ্ববিদ্যালয়ৰ ছেইন্ট জনছ কলেজৰ ৰাইটছ পুৰস্কাৰ লাভ কৰে। কেৱল এয়াই নহয় ড: সিঙক জীৱন কালত বিভিন্ন আন্তর্জাতিক অনুষ্ঠান-প্রতিষ্ঠানেও বঁটা বাহনৰে বিভূষিত কৰে। এনে এক প্রতিষ্ঠান হ’ল জাপানৰ নিহ’ন কেইজাই শ্বিবুন। তদুপৰি তেওঁক কেমব্রিজ আৰু অক্সফ’র্ড বিশ্ববিদ্যালয়কে ধৰি বিশ্বৰ বহুসংখ্যক বিশ্ববিদ্যালয়ে সম্মানীয় ডিগ্রী প্রদান কৰে। কেৰিয়াৰত ড: সিঙে ভাৰতক প্রতিনিধিত্ব কৰি বহুসংখ্যক আন্তর্জাতিক সম্মিলনতো অংশ লয়। ১৯৯৩ত তেওঁ চাইপ্রাছত অনুষ্ঠিত কমনবেলথ দেশসমূহৰ চৰকাৰ প্ৰধানসকলৰ মুৰব্বীৰ সভাত ভাৰতীয় দলক প্রতিনিধিত্ব কৰি অংশগ্ৰহণ কৰে। এই একে বছৰতে তেওঁ অষ্ট্ৰিয়াৰ ভিয়েনাত অনুষ্ঠিত মানৱ অধিকাৰৰ বিশ্ব সম্মিলনতো ভাৰতৰ প্ৰতিনিধিৰূপে অংশগ্রহণ কৰে।

আনহাতে ড: সিঙৰ বিয়োগত ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় বন্দৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আদিয়ে শোক প্রকাশ কৰিছে। সামাজিক মাধ্যমত এটা প’ষ্টত প্রধানমন্ত্রী মোদীয়ে কয়, ‘দেশৰ সবাতোকৈ বিশিষ্ট নেতাসকলৰ অন্যতম ড: মনমোহন সিঙৰ বিয়োগত দেশে শোক প্রকাশ কৰিছে। সাধাৰণ পৰিয়ালৰ সন্তান ড: সিং সম্মানীয় অর্থনীতিবিদত পৰিণত হৈছে। তেওঁ কেন্দ্রীয় বিত্ত মন্ত্রণালয়কে ধৰি বিভিন্ন চৰকাৰী পদবীতো কার্যনির্বাহ কৰিছিল। ইয়াৰ দ্বাৰা তেওঁ আমাৰ অৰ্থনীতিত এক শক্তিশালী চাপ ৰাখিবলৈ সক্ষম হয়।

# দিল্লীত ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ’ব শেষকৃত্য

ভাৰতীয় ৰিৰ্জাভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ তথা দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড:মনমোহন সিঙৰ নশ্বৰ দেহ তেওঁৰ দিল্লীস্থ বাসগৃহতে ৰখা হৈছে ৷ইতিমধ্যে যোৱা নিশাৰে পৰা তেওঁ গুনমুগ্ধ বিভিন্ন নেতাৰ সোঁত বৈছে ড:সিঙৰ বাসগৃহলৈ ৷ ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং,ইউ পিএ অধ্যক্ষা ছোনিয়া গান্ধী, জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধী,প্ৰিয়ংকা গান্ধী মল্লিকাজ্জুৰ্ণ খৰ্গে,আপৰ মুৰব্বী অৰবিন্দ কেজৰিয়াল,দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে ড:সিঙৰ বাসগৃহ উপস্থিত হৈ তেওঁলৈ জনায় গভীৰ শ্ৰদ্ধাঞ্জলী ৷
কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা অনুসৰি শনিবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ নশ্বৰ দেশ ৰাষ্ট্ৰীয় মৰ্যাদাৰে কৰা হ’ব শেষ কৃত্য ৷ ইতিমধ্যে চৰকাৰে সাতদিনীয় ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে ৷

#অসমতো ৭ দিনীয়া ৰাজ্যিক শোক পালন কৰিব অসম চৰকাৰে

ড:মনমোহন সিঙে কর্মময় জীৱনৰ ৩৩ বছৰ ৰাজ্যসভাৰ সাংসদৰূপে কার্যনির্বাহ কৰিছিল অসমৰ পৰা ৷ যাৰবাবে তেওঁ প্ৰতি সন্মান জনাই অসম চৰকাৰে ২৬-১২-২০২৪ৰ পৰা ০১-০১-২০২৫লৈ সাতদিনীয়া ৰাজ্যিক শোক পালন কৰিব ৷ এই সময়ছোৱাত ৰাজ্য চৰকাৰৰ সকলো প্ৰতিষ্ঠানতে অৰ্ধনমিতকৈ উৰিব ৰাষ্ট্ৰীয় পতাকা ৷ একেদৰে সপ্তাহটিত বাতিল কৰা হৈছে সকলো চৰকাৰী মনোৰঞ্জনমূলক কাৰ্যসূচী ৷এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷

# ড:মনমোহন সিঙৰ বিয়োগত শোক প্ৰকাশ মুখ্যমন্ত্ৰীৰ

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড:মনমোহন সিঙৰ বিয়োগত শোক প্ৰকাশ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ ৷ শোকবাৰ্তাত ড:সিঙৰে থকা সান্নিধ্য সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়,১৯৯১ চনৰ পৰা ড° মনমোহন সিঙৰ সান্নিধ্যৰ সৌভাগ্য লাভ কৰিছিলোঁ। সেই বর্ষতে প্ৰথমবাৰৰ বাবে অসমৰ পৰা তেখেত ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল আৰু ধাৰাবাহিকভাৱে তেখেতে ২৮ বছৰ ধৰি প্ৰতিনিধিত্ব কৰিছিল। ড° সিঙৰ বিনম্ৰতা আছিল অলংকাৰ। ব্যক্তিগতভাৱে তেখেতৰ সৈতে হোৱা প্রতিটো বাৰ্তালাপত সৰলতা, শালীনতা আৰু বৌদ্ধিক দক্ষতাৰ উমান পাইছিলোঁ। বিশেষকৈ প্ৰধানমন্ত্ৰী হিচাপে ড° সিঙৰ কাৰ্যকালত মই তেখেতৰ সৈতে অসম সম্পৰ্কীয় বিষয়সমূহৰ সন্দৰ্ভত কেইবাবাৰো বাৰ্তালাপ কৰাৰ সুযোগ পাইছিলোঁ আৰু তেখেতে সদায় ধৈৰ্য আৰু একাগ্ৰতাৰে আমাৰ কথা শুনি দিহা দিছিল আৰু সামাজিক সমস্যাবোৰৰ প্ৰতি এক দৃঢ় দায়বদ্ধতা প্ৰদৰ্শন কৰিছিল।

বিভাজনৰ পাছৰ ভাৰতক জন্মলগ্নৰে পৰা দেখা দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীয়ে কেইবাটাও বিশিষ্ট পদত দেশলৈ সেৱা আগবঢ়াইছিল৷ মুক্ত বজাৰ অৰ্থনীতি আৰম্ভ কৰা আৰু দশকজুৰি প্ৰতিক্ৰিয়াশীল সমাজতান্ত্ৰিক নীতিৰ সমাপ্তিৰ ক্ষেত্ৰত তেখেতৰ গুৰুত্বপূৰ্ণ ভূমিকাক ভাৰতৰ উত্তৰ প্ৰজন্মই সদায় স্মৰণ কৰিব। তেখেতৰ পৰলোক গমনত ৰাষ্ট্ৰই এগৰাকী মহান দেশপ্ৰেমী, বিদগ্ধ পণ্ডিত, এগৰাকী অগতানুগতিক ৰাজনীতিবিদক হেৰুৱালে। এই মুহূর্তত তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনাৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Finished With National DignityFormer PM Dr.Manmohan Singh Passes AwayPm MODI CondolenceSPresident MurmuCondolences
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

September 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d