Golokganj Theft:
ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত নৈছাৰকুটি গাঁৱত আজি পুৱা হাতে লোটে এজন পাচলি চোৰ আটক হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, বৰুণডাঙা গাঁৱৰ সাহাব উদ্দিনৰ পুত্ৰ মফচিদুল হক (৩০) দীৰ্ঘ দিনৰ পৰাই বিভিন্ন ধৰণৰ চুৰি কাৰ্য কৰি অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। একো নাপালে তেওঁৰ হাতৰ পৰা ৰক্ষা নপৰে আনকি লোকৰ ঘৰৰ পাচলিও।
