অমৰনাথ যাত্ৰাপথত কিউআৰ ফিডবেক পদ্ধতি প্ৰৱৰ্তন, তীৰ্থযাত্ৰীয়ে দিব পৰিচ্ছন্নতাৰ ৰেটিং

IMG 20250614 122822

অমৰনাথ তীর্থযাত্ৰাত অংশ লোৱা ভক্তসকলে এইবাৰ যাত্রাপথত উপলব্ধ স্বচ্ছতা সুবিধাৰ মূল্যাংকনৰ সুবিধা লাভ কৰিব। তীর্থযাত্রীয়ে যাতে অমৰনাথ যাত্ৰাত অংশ লোৱাৰ সময়ত যাত্রাপথত পৰিস্কাৰ-পৰিচ্ছন্নতাৰ সুবিধা উপভোগ কৰিব পাৰে, তাক নিশ্চিত কৰিবলৈ প্রশাসনে যাত্রাপথত কিউআৰ ফিডবেক ব্যৱস্থা প্ৰৱৰ্তন কৰিলে।

এই ব্যৱস্থাৰ জৰিয়তে কিউআৰ ক’ড স্কেন কৰি তীৰ্থযাত্ৰীয়ে পৰিচ্ছন্নতাৰ সন্দৰ্ভত ৰেটিং দিব পাৰিব। যাত্রাপথত শৌচালয়, স্নানগৃহ, ডাষ্টবিন, জলনিষ্কাশন ব্যৱস্থা, আৱৰ্জনা পৰিষ্কৰণ আদিৰ বিশেষ ব্যৱস্থা কৰা হৈছে।

অমৰনাথ তীর্থযাত্রাত অংশ লোবা প্রতিজন ভক্তই যাতে অনাময়সহ সকলো সুবিধা আৰু পৰিচ্ছন্নতাৰ পৰিৱেশ লাভ কৰিব পাৰে, তাক নিশ্চিত কৰিবলৈ এইবাৰ প্ৰশাসনে বিশেষ ব্যৱস্থা লৈছে।

Exit mobile version