Air India:আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পাছতে এয়াৰ ইণ্ডিয়াই যিকোনো বিমানত ১৭১ নম্বৰ ব্যৱহাৰ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ।
বৃহস্পতিবাৰে দিনৰ ১:৩৮ বজাত আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল বিমানবন্দৰৰ পৰা উৰা মৰা এয়াৰ ইণ্ডিয়াৰ বিমান AI171 লণ্ডনৰ গেটৱিক অভিমুখে ৰাওনা হৈছিল।
বিমান যাত্ৰাৰ এক মিনিট নৌহওঁতেই আহমেদাবাদৰ মেঘনীনগৰ অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হয়।বিমানত থকা ২৪২ জন লোকৰ ভিতৰত ২৪১ জন যাত্ৰীৰ মৃত্যু হয়।
প্ৰশাসনিক সূত্ৰ অনুসৰি এই দুৰ্ঘটনাত এই পৰ্যন্ত ২৭৪জন লোকৰ মৃত্যু হৈছে।
তথ্য অনুসৰি, যদি কোনো নিদিষ্ট সংখ্যাৰ বিমানৰ কোনো বৃহৎ দুৰ্ঘটনাত জড়িত হয় তেন্তে সেই নম্বৰটো পুনৰ ব্যৱহাৰ কৰা উচিত নহয়।
একে প্ৰথা অনুসৰণ কৰি এয়াৰ ইণ্ডিয়াই আহমেদাবাদ-গেটৱিক বিমানৰ সংখ্যা সলনি কৰিছে। সূত্ৰটোৱে দাবী কৰা মতে, মঙলবাৰৰ পৰা বিমান নম্বৰ এআই ১৭১ৰ সলনি এআই ১৫৯ হ’ব।এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছেও নিজৰ কোনো বিমানতে ১৭১ নম্বৰ ৰখা নাই।
সূত্ৰটোৱে দাবী কৰিছে যে IX ১৭১ নম্বৰৰ বিমানখন সলনি কৰা হৈছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে এয়াৰ ইণ্ডিয়াই আনুষ্ঠানিকভাৱে একো জনোৱা নাই।