Atasu Protest:
মহানগৰীৰ জি এছ ৰোডস্থ অসম বিধানসভাৰ সন্মুখত উত্তাল প্ৰতিবাদ ৷ শনিবাৰে দুপৰীয়া জনজাতিকৰণৰ দাবীত আটাছুৰ কে’বা শতাধিক প্ৰতিবাদকাৰীয়ে হাতে-হাতে প্লে কার্ড লৈ প্রতিবাদ সাব্যস্ত কৰে ।
অসম বিধানসভাৰ নতুন ভৱনৰ প্ৰৱেশদ্বাৰৰ সন্মুখত আটাছু কৰ্মী সকলে জনজাতিকৰণৰ দাবীত বিভিন্ন শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে ৷ মাহটোৰ দ্বিতীয় শনিবাৰ আৰু বিধানসভাৰ কোনো কাৰ্যসূচী নাছিল আজি ৷ পুৱাৰে পৰা আৰক্ষীয়ে বিধানসভাৰ নতুন ভৱনৰ প্ৰৱেশদ্বাৰত গঢ়ি তোলে কটকটীয়া নিৰাপত্তা বেহু। আটাছু কৰ্মী সকলে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰি উভতি যায় ৷
প্ৰতিবাদস্থলীত আটাছুৰ নেতাৰ হুংকাৰ অচিৰেই যদি টাই- আহোম জনগোষ্ঠীক জনজাতিকৰণ নকৰে তেন্তে জংগী আন্দোলন গঢ়ি তুলিব আটাছুৱে ৷