Large amount of illegal weapons recovered in Manipur:
অশান্ত জৰ্জৰ মণিপুৰত সেনা – আৰক্ষীৰ বৃহৎ সাফল্য। শেহতীয়াকৈ পুনৰ অগ্নিগৰ্ভা হৈ পৰা ৰাজ্য খনৰ ২৪ ঘন্টাত পাঁচখনকৈ জিলাত সেনা-আৰক্ষী-নিৰাপত্তা বাহিনীয়ে চলোৱা ব্যাপক যৌথ অভিযানত উদ্ধাৰ হয় বৃহৎ অবৈধ অস্ত্ৰ ভাণ্ডাৰ। ইয়াৰ ভিতৰত ৩২৮ টাকৈ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ সহ আঠ হাজাৰতকৈ অধিক সজীৱ গুলী,গ্ৰেণেড,বিস্ফোৰক সামগ্ৰী।
আনহাতে উদ্ধাৰ হোৱা সজীৱ গুলীৰ ভিতৰত এচএলআৰ গুলী-৩৫৩৪ টা,ইনচাচ গুলী-২১৮৬ টা,একে চিৰিজৰ গুলী-২৩৪ টা আৰু ৩০৩ ৰাইফলৰ গুলী-২২৫২ টা।