Kedarnath:ধাৰাসাৰ বৰষুণৰ ফলত কেদাৰনাথ তীৰ্থযাত্ৰা পথত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। সোণপ্ৰয়াগৰ পৰা কেদাৰনাথলৈ যোৱা পথত ভূমিস্খলনৰ ফলত মৃত্যু হয় এজন তীৰ্থযাত্ৰীৰ।
লগতে এই দুৰ্ঘটনাত আহত দুজন লোক। ভূমিস্খলনৰ বাবে পথটো বন্ধ হৈ পৰিছে।এনে পৰিস্থিতিত কোনো ধৰণৰ বিপদৰ পৰা হাত সাৰিবলৈ সেই পথত কেদাৰনাথ যাত্ৰা অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছে।
ৰুদ্ৰপ্ৰয়াগ আৰক্ষীয়ে জনোৱা মতে, বিগত কিছুদিন ধৰি ধাৰাবাহিকভাৱে হোৱা প্ৰচণ্ড বৰষুণৰ বাবে জংগলচট্টীৰ সমীপৰ সেই পথত বৃহৎ ভূমিস্খলন সংঘটিত হৈছে।
গধুৰ শিলৰ খুন্দাত মৃত্যু হৈছে এজনৰ।আহত আন দুজন। ধ্বংসাৱশেষ আৰু শিলৰ ফলত অৱৰোধ হৈ পৰিছে পথ।ইফালে এই সপ্তাহত অঞ্চলটোত প্ৰবল বৰষুণৰ আগজাননী দিয়া হৈছে। হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে।
এনে পৰিস্থিতিত ভক্তৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সোণপ্ৰয়াগৰ পৰা কেদাৰনাথ ধামলৈ যোৱা পথটো বন্ধ কৰি দিয়া হৈছে।পৰৱৰ্তী জাননী নিদিয়ালৈকে সেই পথত কোনেও যাত্ৰা নকৰে।
ইফালে, ভূমিস্খলনৰ ফলত জংগলচট্টি অঞ্চলত আবদ্ধ হৈ থকা তীৰ্থযাত্ৰীসকলক উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী দল মোতায়েন কৰা হৈছে। আৱদ্ধ হৈ থকাসকলৰ বাবে উদ্ধাৰ অভিযান আৰম্ভ হৈছে।
কেদাৰনাথ ধামলৈ অহা তীৰ্থযাত্ৰীসকলক বিশেষকৈ হোটেলৰ সমীপত নিৰাপদ স্থানত থাকিবলৈ আহ্বান জনোৱা হৈছে।