সোমবাৰৰ মুম্বাইত প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস ! কমলা সতৰ্কবাণী জাৰি

1748240804 mumbai rain

Heavy Rain:নিশাটো হোৱা বৰষুণত বিপৰ্যস্ত দেশৰ বাণিজ্যিনগৰী! সোমবাৰেও মুম্বাইৰ বিস্তীৰ্ণ অঞ্চলত কমলা সতৰ্কতা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

ADVERTISEMENT

তাত অতি প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে। মুম্বাইৰ সমান্তৰালকৈ সমগ্ৰ মহাৰাষ্ট্ৰ ৰাজ্যত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে।

ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যৰ কেবাটাও স্থানত বজ্ৰপাতৰ বাবে মৃত্যুও হৈছে৷ মুম্বাই, সিন্ধুদুৰ্গ, ধূলে, নাশিক, সম্ভাজিনগৰ, নন্দুৰবাৰ আৰু অমৰাৱতীত বজ্ৰপাতৰ ফলত এই পৰ্যন্ত মুঠ আঠজন লোকৰ মৃত্যু হৈছে। আহত হৈছে ১০ জন লোক।

দক্ষিণ মুম্বাই আৰু পশ্চিম চহৰসমূহত নিশা দুই বজাৰ পৰা পুৱা পাঁচ বজালৈ অবিৰত বৰষুণ হয়। সোমবাৰে পুৱালৈকে ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত মুম্বাইৰ কেবাটাও অঞ্চল প্লাৱিত হৈ পৰে।

দুৰ্গ অঞ্চলত সৰ্বাধিক ৭৪ মিলিমিটাৰ বৰষুণ হয়।ইয়াৰ উপৰিও বান্দ্ৰাত ৬২ মিলিমিটাৰ, মালাবাৰ হিলত ৬০ মিলিমিটাৰ, হাজী আলীত ৫৭ মিলিমিটাৰ, গ্ৰাণ্ট ৰোড আৰু চান্টাক্ৰুজত ৪৭ মিলিমিটাৰ, দাদাৰত ৪১ মিলিমিটাৰ আৰু আন্ধেৰীত ৩৩ মিলিমিটাৰ বৰষুণ হয়।

এইবাৰ নিৰ্ধাৰিত সময়তকৈ ১৬ দিন পূৰ্বে মহাৰাষ্ট্ৰত প্ৰৱেশ কৰিছে বাৰিষা। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি অহা ১১ জুনত মুম্বাইত বাৰিষাৰ প্ৰৱেশৰ সম্ভাৱনা আছে।

কিন্তু এইবাৰ ২৬ মে’ত তাত বাৰিষা প্ৰৱেশ কৰিছে।১৯৫০ চনৰ পৰা উপলব্ধ তথ্যলৈ চালে দেখা যায় যে যোৱা ৩৫ বছৰৰ ভিতৰত এইটোৱেই প্ৰথমবাৰৰ বাবে মহানগৰীত ইমান সোনকালে বাৰিষাৰ আগমন ঘটিছে!

ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণৰ বাবে মহানগৰীত স্থানীয় ৰেল সেৱা বাৰে বাৰে ব্যাহত হৈ আছে।

কোনো কোনো ঠাইত ৰেলপথত পানী জমা হৈ পৰিছে । আনহাতে, মহানগৰীৰ কেবাটাও গুৰুত্বপূৰ্ণ অঞ্চল পানীত ডুব যোৱাৰ বাবে মহানগৰবাসীয়েও যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে।

Exit mobile version