Ahmedabad Plane Crash:গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্রী বিজয় ৰূপানিৰ মৃতদেহ ডিএনএ পৰীক্ষাৰ জৰিয়তে নিশ্চিত কৰা হয়। আহমেদাবাদত যোৱা ১২ জুনত এয়াৰ ইণ্ডিয়াৰ বিধ্বংসী বিমান দুর্ঘটনাত মৃত্যু হৈছিল ৰূপানিৰ।
সোমবাৰে ৰূপানিৰ মৃতদেহ চিনাক্ত হোৱাৰ পাছত আহমেদাবাদৰ পৰা ৰাজকোটলৈ চাৰ্টাৰ্ড প্লেনৰ জৰিয়তে লৈ যোৱা হয়। আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তর্জাতিক বিমান বন্দৰৰ পৰা উৰা মৰাত মুহূৰ্তৰ পাছতে বিমানখন ভাঙি পৰিছিল।
এই ঘটনাত নিহত ২৪১জন বিমানযাত্ৰীৰ ভিতৰত ৰূপানিও আছিল। কালি পর্যন্ত ৩২ জন ভুক্তভোগীৰ শৱদেহ চিনাক্ত কৰা হয় আৰু ১৪ জনৰ শৱদেহ পৰিয়ালক গতাই দিয়া হয়। ৰূপানিয়ে যোৱা ১৯ মে’ত লণ্ডনলৈ যোৱাৰ কথা আছিল।
এই টিকট বাতিল হোৱাত পুনৰ পাঁচ জুনত ভ্রমণ নিশ্চিত হয় যদিও সেই টিকটো বাতিল হয়। ইয়াৰ পাছতে অভিশপ্ত এআই-১৭১ৰ যাত্রী হয় ৰূপানি। তেওঁ লণ্ডনলৈ পত্নী আৰু কন্যাক সাক্ষাতৰ বাবে যোৱাৰ কথা আছিল।
চৰাইৰ খুন্দাত নে বিমানৰ পাখিৰ সমস্যাৰ বাবেই উৰা মৰাৰ পাছতে ভাঙি পৰিল
আহমেদাবাদৰ বিমান দুর্ঘটনাৰ পাছত বহুতে কৈছিল যে চৰাইৰ খুন্দা খাই বিমানখন ভাঙি পৰাৰ অন্যতম কাৰণ হ’ব পাৰে। এই সম্ভাৱনা নস্যাৎ কৰিছে তদন্তকাৰী সংস্থাসমূহে।
ভাৰত চৰকাৰে ইতিমধ্যে বিমান দুর্ঘটনাৰ তদন্তৰ বাবে উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰি দিছে। তিনি মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব তদন্তকাৰী সংস্থাই। সূত্ৰত প্রকাশ যে কেন্দ্ৰীয় চৰকাৰৰ তদন্তকাৰী দলে মূলতঃ তিনিটা সম্ভাৱনাৰ দিশলৈ লক্ষ্য ৰাখিছে।
চৰাইৰ খুন্দাৰ বাবে বিমান দুর্ঘটনা সংঘটিত হোৱা বুলি ধাৰণা কৰা নাই তদন্তকাৰী সংস্থাই। ইতিমধ্যে বিমানৰ এটি ব্লেকবক্স উদ্ধাৰ কৰা হৈছে আৰু ই অক্ষত অৱস্থাতে আছে। ফলত দ্রুত তথ্য উদ্ধাৰ কৰিব পৰা যাব বুলি ধাৰণা কৰা হৈছে।
এয়াৰ ইণ্ডিয়াৰ বিষয়ববীয়াই ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্রণালয়ৰ তদন্ত গোটৰ সদস্যসকলেও ঘটনাস্থলী পৰিদৰ্শন কৰে।
সূত্ৰত প্ৰকাশ যে বিমানৰ ইঞ্জিনত কিবা যান্ত্রিক বিজুতি আছে নেকি সেয়া চোৱা হৈছে। এয়াৰ ইণ্ডিয়াৰ বিমানৰ পাইলটে দুর্ঘটনাৰ প্ৰাক্মুহূৰ্তত এয়াৰ ট্রেফিক কন্ট্ৰ’লৰ স’তে যোগাযোগ কৰি বিপদবার্তা প্ৰেৰণ কৰিছিল। তেওঁ কৈছিল যে থ্রাষ্ট পোৱা নাই। যাৰ বাবে বিমান তললৈ নামিছে।
তদুপৰি বিমানৰ পাখিৰ সমস্যা থাকিব পাৰে বুলিও ভবা হৈছে। বিমানৰ পাখিৰ পাছৰ অংশ ফ্লেপ বুলি কোৱা হয়। এই ফ্লেপে আকাশত বিমানখন ভাহি থাকিবলৈ সহায় কৰে।
বিমান দুর্ঘটনাৰ পাছত বিমান বন্দৰৰ ৫৯ ছেকেণ্ডৰ এটি চিচি টিভিৰ ফুটেজত দেখা গৈছে যে ৰাণৱে এৰি ওপৰলৈ উঠাৰ ১৭ ছেকেণ্ডৰ ভিতৰত বিমানখন ওপৰলৈ উৰা বন্ধ কৰে।
কিছু ছেকেণ্ড সম্মুখলৈ আগুৱায় আৰু তাৰ পাছত লাহে লাহে তললৈ নামি যায়। মাত্র ৩২ ছেকেণ্ড বিমানখন আকাশত ভাহি আছিল তাৰ পাছতে ভাৰসাম্য হেৰুৱাই মেডিকেল কলেজৰ আৱাসত খুন্দা মাৰে।
বহু সময় ধৰি বিমানৰ লেণ্ডিং গিয়েৰ খোলা আছিল। সেই বিষয়ৰ স’তে যান্ত্রিক ত্রুটি আছে নেকি সেয়াও চোৱা হৈছে। ইপিনে, দ্বিতীয়টো ব্লেক বক্সৰ সন্ধান অব্যাহত আছে।
দুৰ্ঘটনাৰ মুহূৰ্তৰ ভিডিঅ’ কৰিছিল এটি কিশোৰে
এয়াৰ ইণ্ডিয়াৰ বিমানখন ভাঙি পৰাৰ মুহূৰ্তৰ ভিডিঅ’ কৰিছিল বিমান বন্দৰ সংলগ্ন অঞ্চলৰ এটি কিশোৰে। এই ভিডিঅ’ এতিয়া কিশোৰটিৰ আতংকৰ কাৰণ হোৱা বুলি পৰিয়ালৰ লোকে দাবী কৰে।
দেওবাৰে কিশোৰটিক সোধপোছ কৰিছিল আৰক্ষী আৰু আন বিভিন্ন তদন্তকাৰী সংস্থাই। আৰক্ষী, অপৰাধ অনুসন্ধান বিভাগে কিশোৰটিক তলব কৰাত পৰিয়ালটো আতংকিত হৈছে। সূত্রত প্রকাশ যে কিয় কিশোৰটিয়ে ভিডিঅ’ কৰিছিল আৰু তাৰ আঁৰত কিবা অভিসন্ধি আছিল নেকি তাকে লৈ প্ৰাথমিক তদন্ত কৰে আৰক্ষী আৰু অন্যান্য সংস্থাই।
আৰক্ষীয়ে জনোৱা মতে, প্রথম প্রত্যক্ষদর্শী হিচাপে কিশোৰটিৰ ভাষ্য গ্রহণ কৰা হৈছে। ১২ জানুৱাৰীত সংঘটিত দুর্ঘটনা যে ম’বাইলৰ কেমেৰাত বন্দী হ’ব সেয়া কিশোৰটিয়ে ভবা নাছিল। অৱশ্যে ভিডিঅ’ ভাইৰেল হোৱাত কিশোৰটিৰ সন্ধান আৰম্ভ হয়।
এক সাক্ষাৎকাৰত আৰিয়ান নামৰ কিশোৰটিয়ে কয় যে বিমান বন্দৰ অঞ্চলত থকাৰ বাবে সদায়ে বিমানৰ উঠা নমা দেখে। বিমান উৰাৰ ছবি ভিডিঅ’ কৰি বন্ধুসকলক দেখুৱাবলৈ বিচাৰিছে। কিন্তু ভিডিঅ’ কৰা সময়ত যে এই ভয়াৱহ ঘটনা কেমেৰাত বন্দী হ’ব সেয়া ভবা নাছিল।
এই মুহূৰ্তৰ কথা স্মৰণ কৰি এতিয়াও আতংকিত হোৱা আৰিয়ানে কয়, ‘মোৰ ম’বাইলত ২৪ ছেকেণ্ডৰ ভিডিঅ’ আছে। বৰ ভয় খাইছো। মোৰ ভগ্নীক প্রথমে ভিডিঅ’টো দেখুৱাইছিলো। কাৰণ সেই সময়ত দৃশ্যটো দেখি আতংকিত হৈছিলো।’
আৰিয়ানৰ ভগ্নীয়ে কয়, ‘দাদাই মোক ভিডিঅ’টো দেখুৱাইছিল। তাৰ পাছত কয় যে এই অঞ্চলত আৰু থাকিব নিবিচাৰে। যি দুর্ঘটনা চকুৰ সন্মুখত দেখিলে সেয়া নিজৰ লগতো হ’ব পাৰে বুলি ভয় খাইছিল। ভালদৰে কথা পাতিব পৰা নাছিল। দুদিন খোৱা-বোৱা কৰা নাছিল আৰু টোপনি যোৱা নাছিল।