অতিৰিক্ত নিদ্ৰাত হেৰাই স্মৃতিশক্তি

images 13 2

সুস্থ জীৱন-যাপনৰ বাবে মানুহক নিদ্রা অতিশয় জৰুৰী। কিন্তু সেই নিদ্ৰাৰ পৰিমাণ কিমান? এই প্রশ্নটোক কেন্দ্ৰ কৰি অৱশ্যে মনবিৰোধ আছে। শিশুক সচৰাচৰ কিছু বেছি নিদ্ৰাৰ প্ৰয়োজন। ডাঙৰক যিমান নিদ্ৰাৰ প্ৰয়োজন নাই।

ADVERTISEMENT

এজন প্রাপ্তবয়স্ক মানুহক জীৱন-যাপনৰ বাবে দৈনিক কমেও ছঘণ্টা টোপনিৰ প্রয়োজন। এয়া ক্ষেত্রবিশেষে দুই-এঘণ্টা বেছিও হ’ব পাৰে। কিন্তু সেই বেছি নিদ্রা যেন অতিমাত্ৰাৰ হৈ নপৰে।

কম টোপনিয়ে যিদৰে শৰীৰ আৰু মনৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়, অত্যধিক নিদ্রাও ইয়াৰ ব্যতিক্ৰম নহয়। গৱেষণাত দেখা গৈছে যে একেৰাহে নঘণ্টাৰ বেছি টোপনিয়ে স্মৃতিশক্তিও বিকল হৈ পৰিব পাৰে।

কিছু বয়সস্থ মানুহে বহুখিনি সময় নিদ্রাত অতিবাহিত কৰে। বিশেষকৈ নিশা সোনকালে শুই পৰাৰ তাগিদাও দেখা পোৱা যায়। আকৌ পুৱা কামলৈ যোৱাৰ ব্যস্ততা নাথাকিলে হয়তো কিছু পলমকৈ টোপনিৰ পৰা উঠে।

অৱসৰপ্ৰাপ্ত মানুহৰ ক্ষেত্রত যদি এই প্ৰৱণতা দেখা যায়, তেন্তে হয়তো কোনেও বিষয়টো অস্বাভাৱিক বুলি ধাৰণা নকৰিব। কিন্তু শেহতীয়া এক গৱেষণাত দেখা গৈছে যে বিষয়টো উদ্বেগজনক। কাৰণ অত্যধিক নিদ্ৰাৰ এই অভ্যাসটোৱেই হ’ব পাৰে এলজেইমাৰৰ ৰোগৰ প্রাথমিক লক্ষণ। আক্রান্ত হ’ব পাৰে ‘কথা পাহৰা’ ৰোগত।

গৱেষণাটোত দেখা গৈছে যে আগতে ন ঘণ্টাতকৈ কমাই শোৱা মানুহে বয়স বৃদ্ধিৰ লগে লগে যদি সেই পৰিমাণকৈ বেছিকৈ শুবলৈ লয়, তেন্তে তেনে লোক এলজে ইমাৰৰ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বেছি থাকে। ৬০ৰ ঊর্ধ্বৰ লোকৰ ওপৰত চলোৱা এক গৱেষণাত এই তথ্য প্রকাশ পাইছে।

বিজ্ঞানীসকলে কয় যে নিদ্ৰাৰত অৱস্থাত মানুহৰ স্মৃতি তৈয়াৰ হয়, বিশেষকৈ পাতলীয়া নিদ্ৰাৰ পৰত। কিন্তু একেৰাহে দীর্ঘ সময়ৰ নিদ্ৰাই এই প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰে। অৰ্থাৎ আপুনি শৰীৰ আৰু মনক বিশ্রাম দিবলৈ শুব, কিন্তু সেই নিদ্রা যদি প্রয়োজনতকৈ বেছি হয় তেন্তে আপোনাৰ স্মৃতিশক্তিও নিদ্ৰাত পৰিব।

এতিয়া প্রশ্ন হ’ল, এলজেইমাৰৰ ৰোগ কি? এইবিধ ৰোগৰ আগতে আহে ডিমেন্সিয়া ৰোগৰ নাম। ডিমেন্সিয়া হ’ল একপ্ৰকাৰৰ মস্তিষ্কৰ ৰোগ, যি স্মৃতিশক্তিত বিৰূপ প্ৰভাৱ পেলায়।

এলজেইমাৰৰ ৰোগ হ’ল ডিমেন্সিয়াৰ এটা সাধাৰণ ৰূপ। এই সমস্যা মাত্রাধিক অৱস্থালৈ গুচি গ’লে, ই ৰোগীক নিজৰ দৈনন্দিন কাম-কাজ কৰাত, বন্ধু-বান্ধৱ, আত্মীয়-স্বজনক চিনি পোৱাত আৰু কোনো কথা বুজি পোৱাত বাধা প্রদান কৰে।

ই এবিধ মাৰাত্মক ৰোগ, যি সময় অতিবাহিত হোৱাৰ লগে লগে অধিক বেয়া অৱস্থাৰ সৃষ্টি কৰে আৰু কোনো কোনোৰ এই ৰোগে ভয়ানক ৰূপ ধাৰণ কৰে। এই ৰোগৰ চিকিৎসা একেবাৰে সীমিত।

অৱশ্যে প্রাথমিক অৱস্থাতে ঔষধৰ দ্বাৰা এই ৰোগৰ চিকিৎসা কৰা হ’লে অত্যন্ত কাৰ্যকৰ হয়। বয়স্কসকলেই সচৰাচৰ এই ৰোগত আক্রান্ত হয়। পৰিয়ালৰ আন কোনো সদস্যৰ এলজেইমাৰৰ ৰোগ, দীর্ঘস্থায়ী উচ্চ ৰক্তচাপ আৰু কোনো ধৰণৰ মানসিক আঘাত পোৱাৰ ঘটনা থাকিলে এই ৰোগ হোৱাৰ আশংকা বেছি।

Exit mobile version