COVID 19::দেশত বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ। চৰকাৰী তথ্য অনুসৰি ২০২৫ চনৰ এক জানুৱাৰীৰ পৰা সমগ্ৰ দেশত মুঠ ১৩,৬০৪ জন লোক ক’ভিডত (Covid) ত আক্ৰান্ত হৈছে, আৰু এই সময়ছোৱাত ক’ভিডত ১০৯ জন লোকৰ মৃত্যু হৈছে।
তথ্য অনুসৰি ,একে সময়তে ক’ভিড-১৯ত মৃত্যু হোৱা প্ৰায় আটাইকেইজনেই কোনো ধৰণৰ গুৰুতৰ ৰোগত আক্ৰান্ত হৈ আছিল। বহুতেই হাওঁফাওঁৰ কৰ্কট ৰোগ, বৃক্কৰ সমস্যা, লিউকেমিয়া, লিভাৰ চিৰ’ছিছ আদি বিভিন্ন ৰোগত আক্ৰান্ত হৈছিল।
বিশেষজ্ঞসকলে কৰ’নাৰ এই নতুন ঢৌক চিন্তাৰ কোনো কাৰণ নাই বুলি অনুমান কৰে। অৱশ্যে কেন্দ্রীয় চৰকাৰে আৰম্ভণিৰে পৰাই পৰিস্থিতি নিৰীক্ষণ কৰি আহিছে৷
মঙলবাৰে কেন্দ্ৰৰ প্ৰতিবেদন, আক্ৰান্তৰ সংখ্যা কিছু হ্ৰাস পাইছে। বৰ্তমান দেশত আক্ৰান্তৰ সংখ্যা ৬৮৩৬ জন।
যোৱা ২৪ ঘন্টাত কোনো লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হোৱা নাই। ইয়াৰ বিপৰীতে সক্ৰিয় ৰোগীৰ সংখ্যা কালিৰ তুলনাত ৪২৮ জন হ্ৰাস পাইছে।
কেৰালাৰ মুঠ কৰ’না আক্ৰান্ত লোকৰ সংখ্যা ১৬৫৯ জন।উত্তৰ প্ৰদেশৰ মুঠ আক্ৰান্তৰ সংখ্যা ২৭৮ জন।মহাৰাষ্ট্ৰৰ মুঠ আক্ৰান্তৰ সংখ্যা ৫১২ জন।
তামিলনাডুৰ মুঠ আক্ৰান্তৰ সংখ্যা ২২২ জন।ৰাজস্থানত আক্ৰান্তৰ সংখ্যা ২৫১ জন।দিল্লীত আক্ৰান্ত লোকৰ সংখ্যা ৫৫৫ জন।