Cm Pressmeet In Dibrugarh:অ’এনজিচিৰ তৈলখাদৰ পৰা অবিৰতভাৱে ক’লা বৰণীয়া গেছ নির্গত বিষয়টো পেট্ৰলিয়াম মন্ত্ৰীয়ে গুৰুত্বসহকাৰে লৈছে ব্যৱস্থা

বাসগৃহ এৰি আশ্ৰয় শিৱিৰত থকা লোকসকলৰ কাপোৰ- কানি কিনিবৰ বাবে দিয়া হ'ব ২৫ হেজাৰ টকাকৈ:মুখ্যমন্ত্ৰী

pressmeet pp

Cm Pressmeet In Dibrugarh:

শিৱসাগৰ ভটীয়াপাৰ বাৰীচুকত বিস্ফোৰিত অ’এনজিচিৰ তৈলখাদৰ পৰা অবিৰতভাৱে ক’লা বৰণীয়া গেছ নির্গত হৈয়ে আছে। সোমবাৰে নিশা মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ মঙলবাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ডিব্ৰুগড়ত অনুষ্ঠিত এক সংবাদমেলত উল্লেখ কৰে যে,তৈলখাদৰ পৰা ধোঁৱাযুক্ত গেছ নির্গত হোৱাত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয়। যাৰবাবে ইতিমধ্যে প্ৰায় সাতশ লোকে আশ্ৰয় শিৱিৰত বাহৰ পাতিছে ৷

ADVERTISEMENT

আনহাতে ক’লা বৰণীয়া গেছ নিৰ্গত হোৱাত ৰাইজে নিজৰ বাসগৃহ এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে। অধিকাংশ লোকে জিলা প্ৰশাসনে ব্যৱস্থা কৰা আশ্ৰয় শিৱিৰত বাহৰ পাতিছে ৷যদিও আন একাংশ আত্মীয়ৰ ঘৰত আশ্ৰয় লৈছে ৷ ৰাজ্য চৰকাৰে সমস্ত বিষয়টো গুৰুত্বসহকাৰে লৈছে ৷ইতিমধ্যে ৰাজ্যৰ মুখ্যসচিব ড:ৰবি কোটাই পেট্ৰলিয়াম সচিবৰ স’তে বাৰ্তালাপ কৰিছে ৷ একেদৰে আজি ময়ো পেট্ৰলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰীৰ স’তে বাৰ্তালাপ কৰিছো ৷ আজি মন্ত্ৰী গৰাকীয়ে দিল্লী তেওঁ বিভাগীয় বিষয়া বৰ্গৰে এক আলোচনাত মিলিত হৈছে।

সোমবাৰে ঘটনাস্থলীত উপস্থিত পৰিস্থিতি পৰ্যবেক্ষণ কৰি দুলীয়াজানস্থ অ’এনজিচিৰ শীৰ্ষ বিষয়াৰেও আলোচনাক কথা কয় মুখ্যমন্ত্ৰীযে ৷বিস্ফোৰিত অ’এনজিচিৰ তৈলখাদটো বন্ধ কৰিবৰ বাবে অইল কৰ্তৃপক্ষই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এজন বিশেষজ্ঞৰ স’তে যোগাযোগ কৰিছে ৷হয়তো দুই এদিনৰ ভিতৰত ভটীয়াপাৰত উপস্থিত হোৱাৰ কথা সদৰি কৰে মুখ্যমন্ত্ৰীয়ে ৷

আনহাতে মুখ্যমন্ত্ৰী আৰু কয় যে আজি ডিব্ৰুগড়ৰ পৰা গুৱাহাটীত উপস্থিত হোৱাৰ হোৱাৰ পিচতে ভিডিঅ কনফাৰেন্সৰ জৰিয়তে তেওঁ মিলিত হ’ব পেট্ৰলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰীৰে ৷

মুখ্যমন্ত্ৰীয়ে কয় বিস্ফোৰিত অ’এনজিচিৰ তৈলখাদৰ পৰা অবিৰতভাৱে ক’লা বৰণীয়া গেছ নির্গত হোৱাৰ পিছত ইয়াৰ উত্তাপ সহিব নোৱাৰি যিসকল স্থানীয় গঞাই প্ৰাণৰ মমতাত ঘৰ- বাৰি এৰি আশ্ৰয় শিৱিৰত আশ্ৰয় লৈছে ৷ তেওঁলোকক কাপোৰ- কানি কিনিবৰ বাবে ২৫ হেজাৰ টকা ইতিমধ্যে মুকলি দিয়াৰ কথাও সদৰি কৰে ৷ একেদৰে উপযুক্ত ক্ষতিপূৰণৰ বাবে অ’এনজিচি কৰ্তৃপক্ষই যাবতীয় পদক্ষেপ ল’ব বুলি তেওঁ আশ্বাস দিয়ে ।

মুখ্যমন্ত্ৰী আৰু কয়,মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বিশেষ বিশেষজ্ঞ গৰাকী উপস্থিত হ’লেও গেছ নির্গত বন্ধ হ’ব বুলি আশা কৰা হৈছে ৷ আনহাতে আশ্ৰয় শিৱিৰত থকা লোকসকলে যাতে নিয়মীয়াভাৱে খাদ্য পাই থাকে তাৰবাবে শিৱসাগৰ আয়ুক্তক দৃষ্টি নিক্ষেপ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷

Exit mobile version