Gst Evasion:মহানগৰীৰ অটো এজেন্সীৰ দুবছৰত কে’বা কোটি টকাৰ জিএছটি ফাকি

গুৱাহাটীত জাল নথিৰে ফাকি দিয়াৰ জোৱাৰ

state gst

Gst Evasion:

কমেও দুবছৰ ধৰি কে’বা কোটি টকাৰ সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) ফাকি দিয়াৰ অভিযোগত সোমবাৰে ৰাজ্যিক জিএছটি বিভাগৰ দলে মহানগৰীৰ ছাত্ৰীবাৰীৰ এটা বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে অভিযান চলায়। এই অভিযানত প্রতিষ্ঠানটোৱে ব্যাপক জালিয়াতিৰ আশ্ৰয় লৈ জিএছটি ফাকি দিয়াতো স্পষ্ট হয়।

ৰাজ্যিক জিএছটি বিভাগৰ পৰা সদৰী কৰা তথ্য অনুসৰি, ছাত্ৰীবাৰীৰ নিউ মার্কেটত থকা এই প্রতিষ্ঠানটোৰ নাম অশোক অট’ এজেন্সি। অভিযোগ অনুসৰি যোৱা দুবছত এজেন্সিটোৱে যিমান মূল্যৰ ক্রয়-বিক্রয় কৰে তাৰ তুলনাত জিএছটি বিভাগক কম পৰিমাণৰ তথ্যহে দাখিল কৰে। প্রতিষ্ঠানটোৱে দাখিল কৰা তথ্যতকৈ বহু বেছি পৰিমাণৰ ক্রয়-বিক্রয় হোৱাৰ তথ্য মজুত হয় জিএছটি বিভাগত।

সেয়েহে বিভাগটোৰ এটা দলে প্রতিষ্ঠানটোত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে। অনুসন্ধান কালত প্রতিষ্ঠানটোৱে জালিয়াতিৰ আশ্রয় লোৱাটো স্পষ্ট হয়। প্রতিষ্ঠানটোৰ কৰ্তৃপক্ষই তেওঁলোকৰ অজানিতে ভুল হোৱা বুলি দাবী কৰি দোষৰ পৰা ৰেহাই বিচাৰে। কিন্তু অভিযানকাৰী দলে সেই কথা মানি নলৈ নিশা এই বাতৰি যুগুতোৱাৰ পৰলৈ অনুসন্ধান অব্যাহত ৰাখিছে।

বিভাগটোৰ তথ্য অনুসৰি, জাল নথিৰ আশ্ৰয় লৈ গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ একাংশ ব্যৱসায়ীয়ে জিএছটি ফাকি দিয়াৰ তথ্য পোহৰলৈ আহিছে। তেনে জাল নথি প্ৰস্তুত কৰা কে’বাটাও চক্র গুৱাহাটীতেই সক্রিয় হৈ আছে। অলপতে ফাচীবজাৰত তেনে এটা চক্রক উৎখাত কৰা হয়। এই চক্ৰবোৰে ইমান নিখুঁতভাৱে নথি পত্ৰৰ কিছুমান কাম কৰে যে তাক সহজে ধৰা পেলোৱাটোৱেই কঠিন। অশোক অট’ এজেন্সিয়েও তেনে চক্ৰৰ সহযোগত যোৱা দুবছত কে’বা কোটি টকা জিএছটি ফাকি দিয়ে।

Exit mobile version