How Israel is countering missile attacks:
ইৰান আৰু ইজৰাইলৰ যুদ্ধত পুনৰ চৰ্চালৈ আহিছে অত্যাধুনিক আকাশ প্ৰতিৰক্ষা ব্যৱস্থা। কিছুদিন পূর্বে ভাৰত-পাকিস্তানৰ মাজত যুদ্ধ সদৃশ পৰিস্থিতিত এই অত্যাধুনিক সমৰ প্ৰতিৰোধ ব্যৱস্থাই ব্যাপক চর্চা লাভ কৰিছিল। ইৰানৰ ক্ষেপণাস্ত্র আক্রমণ প্রতিহত কৰিবলৈ ইজৰাইলে ব্যৱহাৰ কৰিছে ৰাষ্ট্ৰখনৰ শক্তিশালী অত্যাধুনিক আকাশ প্ৰতিৰক্ষা ব্যৱস্থা। ইজৰাইলৰ দাবী অনুসৰি ইৰানৰ ক্ষেপণাস্ত্ৰসমূহ মাটিত পৰাৰ পূৰ্বে আকাশতে ধ্বংস কৰি পেলোৱা হৈছে।
সম্প্রতি ইজৰাইল আৰু ইৰান উভয়ে পৰস্পৰৰ ক্ষেপণাস্ত্র আক্রমণত জৰ্জৰিত। ইজৰাইলী আক্ৰমণৰ প্ৰত্যুত্তৰত ইৰানেও ধাৰাবাহিক আক্ৰমণ কৰিছে। তেহৰানক লক্ষ্য কৰি ইজৰাইলে মুহূর্তে মুহূর্তে ক্ষেপণাস্ত্ৰৰে প্রত্যাক্রমণ চলাইছে। সমগ্র পশ্চিম এছিয়াতে উত্তেজনা বৃদ্ধি কৰা এই ক্ষেপণাস্ত্র আক্রমণ কেনেকৈ প্রতিহত আক্রমণে তৃতীয় বিশ্বযুদ্ধৰ সূচনা কৰিব বুলিও আশংকা প্রকাশিত হৈছে। উল্লেখ্য যে ইবানৰ স’তে পৰমাণু চুক্তিক লৈ আমেৰিকাৰ আলোচনা অব্যাহত আছিল। ইয়াৰ সন্মতি প্রকাশ নকৰাৰ বাবে ইজৰাইলে ক্ষেপণাস্ত্র বর্ষণ কৰে।
এই আক্ৰমণত মৃত্যু হয় ইৰানৰ চাৰিজন শীর্ষ সেনা বিষয়া আৰু নজন পৰমাণু বিজ্ঞানীৰ। আমেৰিকাৰ সহায়তে এই আক্ৰমণ আৰম্ভ কৰে ইজৰাইলে। প্রধানমন্ত্রী বেঞ্জামিন নেতানিয়াহুৱে ইতিমধ্যে প্রকাশ কৰিছে যে ইৰানত অধিক ভয়ংকৰ আক্রমণ হ’ব। একেদৰে প্রত্যাঘাতৰ সকীয়নি দি তেহৰানেও ওলোটাই আক্রমণ কৰে। এই পর্যন্ত ইৰানত ২২৪ জনৰ মৃত্যুৰ বাতৰি নিশ্চিত কৰিছে চৰকাৰে। ইজৰাইলত নিহতৰ সংখ্যা ২৮ জন, আহত হৈছে শতাধিক। এই সংঘাতৰ পৰিস্থিতিত ইজৰাইলৰ প্ৰতিৰোধৰ স্তম্ভ হৈছে তেওঁলোকৰ আকাশ প্ৰতিৰক্ষা ব্যৱস্থা। ইজৰাইলে মূলতঃ তিনিটা আকাশ প্ৰতিৰক্ষা ব্যৱস্থা ব্যৱহাৰ কৰে। সেইবোৰ হ’ল ক্ৰমে আইৰন ড’ম, ডেভিডছ শ্লিং এণ্ড এৰ’ছিষ্টেম আৰু আমেৰিকাৰ থাদ ছিষ্টেম।
# আইৰন ড’ম
ইজৰাইলৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ সৰ্বাধিক চৰ্চিত নাম হৈছে আইৰন ড’ম। মূলতঃ নিম্ন স্তৰৰ ক্ষেপণাস্ত্ৰ গুলীয়াই ধ্বংসপ্রাপ্ত কৰাৰ উদ্দেশ্যে আইৰন ড’ম নিৰ্মাণ কৰা হৈছে। ইয়াৰ ৰাডাৰে প্ৰথমতে ৰকেটবোৰ চিহ্নিত কৰে আৰু তাৰ পাছত সক্রিয় হয় কমাণ্ড আৰু কন্ট্র’ল ছিষ্টেম। শত্রু পক্ষই নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰৰ কোন দিশে আগুৱাইছে, ই জনবহুল অঞ্চলত আঘাত হানিব নেকি এইবোৰ বিষয় উক্ত ব্যৱস্থাৱলীৰ দ্বাৰা দ্রুত নিৰ্ণয় কৰা হয়।
যদি দেখা যায় যে জনবহুল অঞ্চলৰ দিশলৈ আগুৱাইছে ক্ষেপণাস্ত্র তেতিয়া প্ৰতিৰোধী ক্ষেপণাস্ত্র নিক্ষেপ কৰি আইৰন ড’মে আকাশতে ধ্বংস কৰে শত্রুপক্ষৰ অস্ত্র। ইজৰাইলৰ বিভিন্ন প্ৰান্তত ১০ টা আইৰন ড’ম বেটাৰী সক্ৰিয় হৈ আছে। ইয়াৰ প্ৰতিটোতে তিনি বা চাৰিটা লঞ্চাৰ আছে। আইৰন ড’ম সহজে পৰিবহণ যোগ্য আৰু মাত্ৰ কিছু ঘণ্টাৰ ভিতৰতে সম্পূৰ্ণ ব্যৱস্থাৱলী প্ৰস্তুত কৰিব পাৰি। ইয়াৰ ইণ্টাৰছেপ্টৰসমূহ অতি সক্রিয়ভাৱে কার্যকৰী বুলি কোৱা হয়। এনে একোটা ইণ্টাৰছেস্টৰে কমেও ১১ কিলো ওজনৰ বিস্ফোৰক পদার্থ বহন কৰে আৰু ইয়াৰ বিস্তৃতি চাৰি-৭০ কিলোমিটাৰ।
# ডেভিডছ শ্লিং এণ্ড এৰ’ ছিষ্টেম
ইজৰাইল আৰু আমেৰিকা সংস্থাৰ যৌথ প্রচেষ্টাত ডেভিডছ শ্লিং নিৰ্মাণ কৰা হয়। ই ১৮৬ মাইল দূৰৈৰ লক্ষ্যত আঘাত হানিবলৈ সক্ষম। ইয়াৰ ওপৰত আছে এৰ’-২ আৰু এৰ’-৩ ব্যৱস্থাৱলী। বেলিস্টিক ক্ষেপণাস্ত্ৰক সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ বাবে এব’-২য়ে ব্যৱহাৰ কৰে অত্যাধুনিক যুদ্ধাস্ত্র। ইয়াৰ বিস্তৃতি প্রায় ৫৬ মাইল আৰু ই সর্বোচ্চ ৩২ মাইল ওপৰলৈ উঠিব পাৰে। একেদৰে এৰ’-৩য়ে ব্যৱহাৰ কৰা অত্যাধুনিক ‘হিট টু কিল’ প্রযুক্তি। বেলিস্টিক ক্ষেপণাস্ত্রসমূহ বায়ুমণ্ডলত প্ৰৱেশৰ পূর্বেই বাধা দিয়ে এৰ’-৩য়ে।
# আমেৰিকাৰ থাড ছিষ্টেম
ইজৰাইলী প্ৰতিৰক্ষা ব্যৱস্থাক অধিক শক্তিশালী কৰিবলৈ আমেৰিকাৰ সেনাবাহিনীৰ ‘টার্মিনেল হাই অল্টিটিউড এৰিয়া ডিফেন্স’ (থাড) ইজৰাইললৈ প্ৰেৰণ কৰা হৈছিল। ইৰানৰ আক্ৰমণত ইজৰাইলৰ সাধাৰণ মানুহক সুৰক্ষিত কৰি ৰাখিবলৈ প্রাক্তন মার্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে এই থাড প্ৰেৰণ কৰিছিল।