Andhra Pradesh :চত্তীশগড়ৰ পাছত অন্ধ্ৰপ্ৰদেশ। মাওবাদীৰ বিৰুদ্ধে গ্ৰেহাউণ্ড বাহিনীৰ অভিযান। বুধবাৰে পুৱা গ্ৰেহাউণ্ড বাহিনীৰ স’তে অবিৰত গুলীচালনাত নিহত হয় মাওবাদী নেতা তথা সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সদস্য গজৰালা ৰবি ওৰফে উদয়।বন্দুকৰ যুঁজত একেলগে নিহত হৈছে অৰুণা ওৰফে ভেংকট চৈতন্য ওৰফে ৰবি চৈতন্যও।
অৰুণা মাওবাদীৰ অন্ধ্ৰপ্ৰদেশ জোনাল সমিতিৰ সদস্য আছিল। লগতে আছিল নিহত মাওবাদী সেনাপতি আপ্পা ৰাও ওৰফে চালাপাথীৰ পত্নীও ।
অন্ধ্ৰ প্ৰদেশৰ আল্লুৰি সীতাৰামা ৰাজু জিলাৰ মেৰেডুমিলিৰ গভীৰ বনাঞ্চলত বুধবাৰে পুৱা সংঘটিত হয় এই এনকাউণ্টাৰ।
সূত্ৰৰ অনুসৰি, বন্দুকৰ যুদ্ধত আন এজন মাওবাদী নেতা নিহত হৈছে। অৱশ্যে নেতাজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।
অন্ধ্ৰ প্ৰদেশ আৰক্ষীয়ে জনোৱা মতে, ঘটনাস্থলীৰ পৰা একাধিক AK-47 ৰাইফল আৰু আন কেবাটাও অত্যাধুনিক আগ্নেয়াস্ত্ৰ উদ্ধাৰ কৰা হৈছে।
অন্ধ্ৰ প্ৰদেশ আৰক্ষীৰ আন এক সূত্ৰই দাবী কৰিছে যে মেৰেডুমিলিৰ বনাঞ্চলত অধিক মাওবাদী আত্মগোপন কৰি আছে। গ্ৰেহাউণ্ড বাহিনীয়ে তেওঁলোকক বিচাৰিবলৈ কম্বিং অনুসন্ধান আৰম্ভ কৰিছে।