কেদাৰনাথ যাত্ৰা পথত ভূমিস্খলন! মূৰত বোল্ডাৰ পৰি দুজন তীৰ্থযাত্ৰীৰ মৃত্যু, তিনিজন আহত

1750244394 kedarnath pti

landslide:কেদাৰনাথ যাত্ৰাৰ পথত অঘটন ! বুধবাৰে কেদাৰনাথত হোৱা ভূমিস্খলনৰ ফলত দুজন তীৰ্থযাত্ৰীৰ মৃত্যু হয়। এই ঘটনাত আৰু তিনিজন লোক গুৰুতৰভাৱে আহত হয়। অব্যাহত আছে উদ্ধাৰৰ অভিযান ।

আহতসকলক গৌৰীকুণ্ডাৰ সমীপৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।বুধবাৰে পুৱা প্ৰায় ১১বাজি ২০ মিনিটত ৰুদ্ৰপ্ৰয়াগ জিলাৰ জংগলচট্টীৰ সমীপৰ পাহাৰীয়া পথত হঠাতে ভূমিস্খলন সংঘটিত হয়। এটা উচ্চতাৰ পৰা ডাঙৰ ডাঙৰ শিল তললৈ পৰিবলৈ আৰম্ভ কৰে।তাতেই আহত হয় তীৰ্থযাত্ৰী।

থিতাতে দুজন লোকৰ মৃত্যু হয়। আহত এগৰাকী মহিলাসহ আন তিনিজন। ৰুদ্ৰপ্ৰয়াগৰ আৰক্ষী অধীক্ষক অক্ষয় প্ৰহ্লাদ কণ্ডেয়ে জনোৱা মতে, এই তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী আৰু জিলা দুৰ্যোগ সঁহাৰি বাহিনী (ডিডিআৰএফ) ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। আহত দুজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

উল্লেখযোগ্য যে দেওবাৰে কেদাৰনাথ যাত্ৰাৰ সময়ত জংগলচট্টিত ভূমিস্খলন সংঘটিত হয়। সেইদিনাও এজন তীৰ্থযাত্ৰীৰ মৃত্যু হয়।

ইয়াৰ পাছত সোণপ্ৰয়াগৰ পৰা কেদাৰনাথলৈ যোৱা পথটো সাময়িকভাৱে বন্ধ কৰি দিয়া হয়। বুধবাৰেও একেটা অঞ্চলতে পুনৰ ভূমিস্খলন সংঘটিত হয় আৰু এজন লোকৰ মৃত্যু হয়।

কেৱল সেয়াই নহয়, দেওবাৰে পুৱা কেদাৰনাথ ধামৰ পৰা গুপ্তকাশী অভিমুখে গৈ থকা অৱস্থাত এখন হেলিকপ্টাৰো দুৰ্ঘটনাগ্ৰস্ত হয়। গৌৰীকুণ্ডাৰ সমীপৰ এখন জঙ্ঘলত দুৰ্ঘটনাগ্ৰস্ত হয় হেলিকপ্টাৰখন। দুৰ্ঘটনাত সাত জন লোকৰ মৃত্যু হয়। যাত্ৰীসকলৰ ভিতৰত এটা শিশুও আছিল।

Exit mobile version