বিজাপুৰ গাঁৱৰ বাসিন্দাক অপহৰণ কৰি ফাঁচী দি হত্যা মাওবাদীৰ

IMG 20250618 125107

Maoist:যোৱা কেইদিনমানৰ পৰা চত্তীশগড়ৰ বিভিন্ন অঞ্চলত মাওবাদীৰ বিৰুদ্ধে অভিযান চলাই নিৰাপত্তা বাহিনীয়ে সফলতা অৰ্জন কৰিছে।

ADVERTISEMENT

আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত হৈছে কেবাজনো শীৰ্ষ মাওবাদী নেতা।

কিন্তু এইবাৰ চত্তীশগড়ৰৰ বিজাপুৰত মাওবাদী বিৰোধী অভিযানত বিপৰ্যয়। মাওবাদীৰ বিৰুদ্ধে অভিযান চলাই থকাৰ মাজতে বিজাপুৰ গাঁৱৰ তিনিজন লোকক অপহৰণ কৰি হত্যা কৰে মাওবাদীয়ে।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, মাওবাদীয়ে তেওঁলোকক ফাঁচী লগাই শ্বাসৰোধ কৰি হত্যা কৰিছে।

মঙলবাৰে বিজাপুৰৰ নয়াপাৰা অঞ্চলৰ পেড্ডাকোৰ্মা অঞ্চলত সংঘটিত হয় এই ঘটনা।

সূত্ৰ অনুসৰি আৰক্ষীৰ চোৰাংচোৱা বুলি সন্দেহ কৰি চি পি আই (মাওবাদী)ৰ সদস্যই গাঁৱৰে তিনিওজন লোকক হত্যা কৰিছিল।

তথ্য অনুসৰি,গাঁৱৰ পৰা উলিয়াই আনি ‘ৰাইজৰ আদালত’ত বিচাৰৰ কৰি তেওঁলোকক ফাঁচী দি হত্যা কৰা হৈছে। সূত্ৰ অনুসৰি তিনিওজনক হত্যা কৰাৰ উপৰিও কমেও ২০জন গাঁওবাসীক মাওবাদীয়ে অপহৰণ কৰিছে।

বিগত কিছুদিনত চত্তীশগড়ৰ বিভিন্ন অঞ্চলত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত চিপিআই (মাওবাদী)ৰ সাধাৰণ সম্পাদক নম্বলা কেশৰ ৰাও ওৰফে বাছবৰাজুৰ নিহত হয়।

লগতে মাওবাদী কেন্দ্ৰীয় সমিতিৰ সদস্য সুধাকৰ বিজাপুৰ অঞ্চলত বন্দুকৰ সংঘৰ্ষত নিহত হয়।বহু মাওবাদী সদস্যইও আত্মসমৰ্পণ কৰিছে।

বাকী থকা মাওবাদী সদস্যসকলৰ সন্ধানত নিৰাপত্তা বাহিনীয়ে নিয়মীয়াকৈ অভিযান চলাই আছে।

আৰক্ষী আৰু স্থানীয় সূত্ৰই জনোৱা মতে, সন্দেহযুক্ত মাওবাদীয়ে তেওঁলোকে অপহৰণ কৰা লোকসকলে আৰক্ষীৰ চোৰাংচোৱা হিচাপে কাম কৰি থকা বুলি অনুমান কৰে।

Exit mobile version