FASTag: বজাৰলৈ আহিছে FASTag ৰ বাৰ্ষিক পাছ। গ্ৰাহকে এবাৰ খৰচ কৰি গোটেই বছৰটোৰ বাবে পাছ ব্যৱহাৰ কৰিব পাৰিব।এনে ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ ওলাইছে কেন্দ্ৰীয় চৰকাৰে।
বুধবাৰে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে জনাই,অহা ১৫ আগষ্টৰ পৰা আৰম্ভ হ’ব FASTag ৰ বাৰ্ষিক পাছ ব্যৱস্থা।ইয়াৰ মূল্য হ’ব তিনি হেজাৰ টকা।
এই পাছ ক্ৰয় কৰিলে এবছৰৰ বাবে বৈধ হ’ব। ইয়াৰ ভিতৰত গ্ৰাহকে মুঠ ২০০ বাৰ টোল প্লাজাৰ মাজেৰে যাত্ৰা কৰিব পাৰিব।
এবছৰৰ ভিতৰত যদি কোনো গ্ৰাহকে ২০০ টা ভ্ৰমণ সম্পূৰ্ণ কৰে তেন্তে তেওঁ নতুন পাছ ক্ৰয় কৰিব লাগিব। এতিয়াৰ বাবে এই ব্যৱস্থা কেৱল অবাণিজ্যিক-ব্যক্তিগত বাহনৰ বাবেহে কাৰ্যকৰী কৰা হৈছে।
কেন্দ্ৰই জানিবলৈ দিয়া মতে, এই পাছটো ৰাজমাৰ্গ যাত্ৰা এপৰ, ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ৰ অফিচিয়েল ৱেবছাইট পৰা ক্ৰয় কৰি নবীকৰণ কৰিব পাৰিব।
যান-জঁটৰ পৰা হাত সাৰিবলৈ ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই FASTag আৰম্ভ কৰে। ইয়াৰ অধীনত বেংক বা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা এটা নিৰ্দিষ্ট FASTag ক্ৰয় কৰি গাড়ীৰ উইণ্ডশ্বিল্ডত লগোৱা হয়।
তাৰ পাছতো টোল প্লাজাত যান-জঁটৰ সমস্যা এৰাই চলিব পৰা নগ’ল। ইয়াৰ প্ৰতিৰোধৰ বাবে কেন্দ্ৰই বিভিন্ন সময়ত FASTag ব্যৱস্থাত সালসলনি কৰিছে।
বহুবাৰ দেখা গৈছে যে গ্ৰাহকৰ FASTag ত বেলেন্স কম আছে । ধন পৰিশোধ কৰাত পলম হোৱাৰ বাবে ভিৰ হোৱা সময়ত যান-জঁটৰ সৃষ্টি হয়।
ইয়াৰ পৰা হাত সাৰিবলৈ কেন্দ্ৰই অতিৰিক্ত পেনাল্টি নিয়ম প্ৰৱৰ্তন কৰে। এইবাৰ তেওঁলোকে আনিছে বাৰ্ষিক পাছৰ ব্যৱস্থা ।