AMSU should be banned:Hindu Suraksha Sena,Assam:
সদৌ অসম সংখ্যালঘু ছাত্র সন্থা( আমছু)ক বেআইনী তথা নিষিদ্ধ ঘোষণা কৰাৰ দাবী উত্থাপন কৰিছে হিন্দু সুৰক্ষা সেনা, অসমে। আজি এক প্রেছ বিবৃতিৰ জৰিয়তে এই দাবী উত্থাপন কৰি সেনাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কাঞ্চন নাথ আৰু কেন্দ্ৰীয় সম্পাদক মিঠুন দাসে কয় যে অসম আন্দোলনৰ সময়ত আছুক প্রত্যাহ্বান জনাবলৈ কংগ্রেছে সৃষ্টি কৰা আমছু দৰাচলতে ‘সংখ্যালঘু’ আৰু ‘ছাত্র’ শব্দ দুটাৰ আঁৰ লৈ চলি থকা এটা অ’ভাৰগ্ৰাউণ্ড জেহাদী সংগঠনহে আৰু অসম তথা সমগ্ৰ ভাৰতবৰ্ষৰেই নিৰাপত্তাৰ স্বাৰ্থত এই ছদ্মবেশী জেহাদী সংগঠনটো অচিৰেই নিষিদ্ধ ঘোষিত হোৱা উচিত।
বিবৃতিটোত নেতাদ্বয়ে কয় যে জন্মলগ্নৰে পৰাই আমছুৱে অসমত ইছলামিক সম্প্ৰসাৰণবাদ তথা খিলঞ্জীয়া বিৰোধী মুছলিম আগ্রাসনৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়াই অহাৰ বাহিৰে অন্য একো কৰা নাই আৰু বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ প্ৰতিটো প্রচেষ্টাতে ই প্রত্যক্ষ – পৰোক্ষভাৱে বাধা দিবলৈহে অপচেষ্টা চলাই আহিছে।
শেহতীয়াভাবে ধুবুৰীত সাম্প্রদায়িক অশান্তি সৃষ্টি কৰা দুর্বৃত্তৰ বিৰুদ্ধে কঠোৰ হ’বলৈ খোদ মুখ্যমন্ত্ৰীয়ে আৰক্ষী-প্ৰশাসনক নিৰ্দেশ দিয়াৰ পাছত আমছুৱে এইক্ষেত্ৰত প্ৰশাসনক সহায় কৰাৰ সলনি আৰক্ষী-প্ৰশাসনৰ কামত বাধাৰ সৃষ্টি কৰিবলৈ বিবৃতি যুদ্ধ চলোৱা কথাটোলৈ আঙুলিয়াই দি সেনাৰ সভাপতি আৰু সম্পাদক গৰাকীয়ে অসমত আমছুৰ অস্তিত্ব থকালৈকে বিদেশী চিনাক্তকৰণ, বহিস্কৰণ, গৰুৰ চোৰাং বেপাৰৰ নিচিনা অপৰাধী কার্যকলাপ আৰু মৌলবাদী কার্যপন্থা ৰোধত প্রশাসন সদায় সমস্যাৰ সন্মুখীন হৈ আহিব বুলি মন্তব্য আগবঢ়ায়।
একেটা বিবৃতিতে তেওঁ এইটোও কয় যে মূলত: পূর্ববংগীয় বা বাংলাদেশী মূলৰ মিঞা মুছলমানৰ এই সংগঠনটোত অসমৰ একাংশ খিলঞ্জীয়া মুছলমান জড়িত হৈ পৰাটো অতি পৰিতাপৰ কথা। যদিহে অসমৰ খিলঞ্জীয়া মুছলমানসকলে বৃহত্তৰ অসমীয়া সমাজখনে তেওঁলোকক মিঞা মুছলমানতকৈ পৃথক দৃষ্টিৰে চোৱাতো বিচাৰে, তেনেহ’লে সংশ্লিষ্ট খিলঞ্জীয়া মুছলমানসকলে আমছুৰ নিচিনা মিঞা মুছলমানৰ জেহাদী সংগঠনসমূহৰ সংস্পৰ্শ ত্যাগ কৰিব লাগিব বুলিও নেতাদ্বয়ে স্পষ্ট কৰি দিয়ে।






























