ছিপাঝাৰৰ কদমতলিত ভয়ংকৰ পথ দুৰ্ঘটনা

দুৰ্ঘটনাটোত থিতাতে নিহত এজন যুৱক

IMG 20250619 WA0019

Accident In Sipajhar:দৰং জিলাৰ ছিপাঝাৰৰ কদমতলিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন যুৱক। ছিপাঝাৰৰ কদমতলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ

দাঁতিত কেটিএম বাইক সহ অচিনাকী যুৱকৰ মৃতদেহ স্থানীয়লোকে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷

সন্দেহ কৰা মতে ৰাজপথত অচিনাকি বাহনে বাইক সহ যুৱকজনৰ মহতিয়াই নি উধাও হয় ৷ ছিপাঝাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ চিভিল হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত ৷

Exit mobile version