ভিৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কঠোৰ কৰ্ণাটক , প্ৰস্তাৱিত নিয়মৰ হ’ব পাৰে জেল, ৫০ হেজাৰ টকা জৰিমনাও

IMG 20250619 191702

Bangalore Stampede:বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত পদপিষ্টৰ ঘটনাত ১১জন লোকৰ মৃত্যু হয়। লগতে আহত হয় বহুতো। এই ঘটনাৰ পৰিপ্ৰেক্ষিত কৰ্ণাটক চৰকাৰে ভিৰ নিয়ন্ত্ৰণৰ বাবে নতুন বিধেয়ক অনাৰ পৰিকল্পনা কৰিছে। ইতিমধ্যে কৰ্ণাটক চৰকাৰে এই নতুন বিধেয়কখনৰ বাবে ৰাজ্য বিধানসভাত এটা প্ৰস্তাৱ উত্থাপন কৰিছে।

বিধেয়কখনত উল্লেখ কৰা হৈছে যে যিকোনো অনুষ্ঠান আয়োজন কৰাৰ আগতে আয়োজকসকলে ভিৰ নিয়ন্ত্ৰণৰ সঠিক ব্যৱস্থা কৰিব লাগিব।

তাৰ বাবে আগতীয়াকৈ আৰক্ষী আৰু প্ৰশাসনত আবেদন কৰিব লাগিব। অন্যথা তিনি বছৰৰ কাৰাদণ্ড আৰু ৫০ হেজাৰৰ পৰা পাঁচ লাখ টকা পৰ্যন্ত বৃহৎ জৰিমনা বিহা হ’ব।কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হ’লেও আয়োজক সংগঠনৰ জবাবদিহি হ’ব।

বিধেয়কখনত আৰু কোৱা হৈছে যে নতুন আইনখন মূলতঃ ফুটবল, ক্ৰিকেট মেচ, বিয়া আৰু ৰাজনৈতিক সমাৱেশৰ দৰে অনুষ্ঠানত সৰ্বাধিক লোকৰ অনুমতি দিয়াৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।

কিন্তু মেলা আৰু ধৰ্মীয় অনুষ্ঠানৰ ক্ষেত্ৰত এই আইন প্ৰযোজ্য নহ’বও পাৰে।

Exit mobile version