মাজ আকাশত যান্ত্রিক ত্রুটি! ১৮২ জন যাত্রী লৈ দিল্লীত ইণ্ডিগ’ৰ বিমানৰ জৰুৰী অৱতৰণ 

1744019506 indigo

IndiGo Flight:মাজ আকাশত পুনৰ বিমান অঘটন! যান্ত্ৰিক ত্ৰুটিৰ বাবে দিল্লীত জৰুৰীকালীন অৱতৰণ কৰে ইণ্ডিগ’ৰ এখন বিমানে।তথ্য অনুসৰি বিমানখনত মুঠ ১৮২ জন যাত্ৰী আছিল। অৱশ্যে সকলোৱে নিৰাপদে আছে ।

প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে পুৱা দিল্লীৰ পৰা লে-ৰ অভিমুখে উৰা মাৰিছিল বিমানখন। কিন্তু উৰণৰ কিছু সময়ৰ পাছতে মাজ আকাশত বিমানখনৰ যান্ত্ৰিক ত্ৰুটি দেখা যায়।

হঠাৎ বিমানখন কঁপিবলৈ ধৰিলে। আতংকিত হৈ পৰিল যাত্ৰীসকল। ইয়াৰ পাছতে পাইলটে বিমানখন ঘূৰাই অনাৰ সিদ্ধান্ত লয়।

অৱশেষত বিমানখনে দিল্লীত নিৰাপদ জৰুৰীকালীন অৱতৰণ কৰে। উল্লেখ্য যে,পাইলটৰ এই কাৰ্যই বিমানখনক বৃহৎ বিপদৰ পৰা ৰক্ষা কৰিলে।

যদিও ইণ্ডিগ’ৱে এই বিষয়ত এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি জাৰি কৰা নাই ।

Exit mobile version