সভাপতি হোৱাৰ পাছত প্ৰথম বাৰলৈ ধেমাজি-লখিমপুৰত উপস্থিত হয় গৌৰৱ গগৈ

ৰাইজ ৰণত নামিলে এইবাৰ যুঁজ এখব হ'ব: গৌৰৱ গগৈ

IMG 20250619 WA0029

Gaurav Gogoi: প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰূপে দায়িত্ব লাভ কৰাৰ পাছত বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে লখিমপুৰ আৰু ধেমাজিত উপস্থিত হয় গৌৰৱ গগৈ ৷

লখিমপুৰৰ কে’বা শতাধিক কংগ্ৰেছ নেতা- কৰ্মীয়ে বাইকেৰে আদৰি আনে নৱ নিৰ্বাচিত কংগ্ৰেছ সভাপতি গৰাকীক ৷ গগৈয়ে চহৰখনত ভৰি থৈয়ে পোনে পোনে ৰাওনা হয় শ্ৰী শ্ৰী পদুমনি আইথানলৈ ৷ থানত উপস্থিত হৈ সেৱা লয় ৷

ইয়াৰ পাছতে সাংবাদিকৰে হোৱা বাৰ্তালাপত যোৰহাটৰ সাংসদ গৰাকীয়ে কয়,যি সকলে আজি ভূমিপট্টা পোৱা নাই,যি সকলে সংস্থাপন পোৱা নাই,যি সকলে মূল্যবৃদ্ধিৰ লগত যুঁজিবলে সাহস পোৱা ,সেই সকলক সাহস প্ৰদানৰ বাবে মাৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ।

আনহাতে শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ প্ৰতিটো খবৰ তেওঁ পাই থকা বুলি কোৱা মন্তব্যৰ প্ৰত্যুত্তৰত গগৈয়ে কয় বিজেপিৰ ঘৰত কংগ্ৰেছ আছে।বিজেপিৰ সকলো খবৰ মই পাই আছো।

আনহাতে বিটিচি আসন্ন নিৰ্বাচন সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নোত্তৰত গৌৰৱ গগৈয়ে কয়,বিজেপি আৰু ইউ পি পি এল দলে বড়োভূমিৰ মাটি আদানিক বিক্ৰী কৰিব বিচাৰিছে।এইয়া বড়ো জনগোষ্ঠী আৰু অসমৰ বিভিন্ন জনগোষ্ঠীক কৰা অন্যায় আৰু অপমান। সেয়েহে আগন্তুক বিটিচি নিৰ্বাচনত বড়োভূমিৰ ৰাইজে উচিত প্ৰত্যুত্তৰ দিব শাসকীয় দল দুটাক ৷

আনহাতে অহা বছৰৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ ৰণনীতি কেনে হ’ব বুলি সাংবাদিক সোধা আন এক প্ৰশ্নোত্তৰত গগৈয়ে কয়,আমাৰ বিৰুদ্ধে চুলি সমানো দুৰ্নীতি নেদেখি মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ পাকিস্তান সম্পৰ্কীয় কেতবোৰ মুখৰোচক কাহিনী বনাই ৰাইজৰ বিভ্ৰান্ত কৰিছে ৷

ৰাইজ ৰণত নামিলে এইবাৰ যুঁজ এখব হ’ব। এই যুঁজত কংগ্ৰেছ জয়ী হ’ব ৷ শাসনৰ দায়িত্ব লাভ কৰিলে মুখ্যমন্ত্ৰীৰ সকলো দুৰ্নীতিৰ ফাইল খোলা হ’ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য দিয়ে গৌৰৱ গগৈয়ে

Exit mobile version