Brain stroke: ক’ভিড মহামাৰীৰ পাছত ৰাজ্যত হৃদজনিত ৰোগ আৰু ব্রেইন ষ্ট্র’কে ঘাতক ৰূপ লোৱাৰ আভাস স্পষ্ট হৈছে। হার্ট এটেক আৰু ব্রেইন স্ট্র’কত মৃত্যুৰ সংখ্যা যোৱা কিছু বছৰত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে।
উল্লেখ্য যে কৰ’নাৰ প্ৰতিধেষক (ভেকচিন) গ্ৰহণৰ ফলত এনে অনাকাংক্ষিত ঘটনা বৃদ্ধি পোৱা বুলি সততে চর্চিত হয়। অৱশ্যে ইয়াৰ সত্যাসত্য নিৰূপণৰ বাবে উপযুক্ত গৱেষণাৰ প্ৰয়োজন আছে বুলি বহু অভিজ্ঞ চিকিৎসকে মতপোষণ কৰিছে।
লক্ষ্যণীয়ভাবে এই চিকিৎসকসকলে চর্চাটো অমূলক বুলিও আখ্যা দিয়া নাই। শেহতীয়াভাবে চর্চা হৈছে যে কৰ্মৰত অৱস্থাত নাইবা কাৰোবাৰ স’তে কথা পাতি থকা অৱস্থাত হঠাৎ অচেতন হৈ পৰি মৃত্যুক আঁকোৱালি লোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে। এনে বহুকেইটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেলো হৈছে।
আনকি বহুজনে দাবী কৰিছে যে আকস্মিক মৃত্যুক আঁকোৱালি লোৱাসকলৰ গৰিষ্ঠ সংখ্যকে ক’ভিডৰ প্ৰতিষেধক গ্ৰহণ কৰা। তেওঁলোকৰ হঠাৎ হৃদৰোগত বা ব্রেইন স্ট্র’কত মৃত্যু হৈছে। এনে চৰ্চাৰ মাজতে ক’ভিডৰ পাছত অসমত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ নাইবা উচ্চ ৰক্তচাপত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱা তথ্য পোহৰলৈ আহিছে।
অৱশ্যে এই সন্দৰ্ভত কোনো তথ্য নাই বুলি জানিবলৈ দিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যই। বিপৰীতে নাম প্রকাশত অনিচ্ছুক ৰাজ্যখনৰ কে’বাজনো জ্যেষ্ঠ চিকিৎসকে পৰিসংখ্যা প্রত্যক্ষ কৰি এই বিষয়টো অস্বীকাৰ কৰা নাই আৰু এই ক্ষেত্ৰত গৱেষণাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে।
প্রাপ্ত তথ্য অনুসৰি যোৱা চাৰে ছয় বছৰত অৰ্থাৎ ২০১৮ৰ পৰা ২০২৪ৰ মে’ পর্যন্ত কেৱল ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ আৰু উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ ৩,১৯৫ জন লোক মৃত্যুক আঁকোৱালি লৈছে।
সংশ্লিষ্ট কর্তৃপক্ষই সদৰী কৰা তথ্য অনুসৰি, ২০২০ আৰু ২০২১ত অর্থাৎ ক’ভিডৰ সময়ছোৱাত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতালত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ ৩৩৮জন লোকৰ মৃত্যু হৈছিল। বিপৰীতে ২০২২ আৰু ২০২৩ত এই মৃত্যুৰ সংখ্যা প্রায় দুগুণ বৃদ্ধি হৈ ৬৪৭জনলৈ বৃদ্ধি পায়।
একেদৰে ২০২০ আৰু ২০২১ত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত উচ্চ ৰক্তচাপত ৩০৯জনৰ মৃত্যু হৈছিল আৰু ইয়াৰ বিপৰীতে ২০২২ আৰু ২০২৩ বৰ্ষত ৫১৮জনৰ মৃত্যু হয়। অৱশ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালে এই সন্দর্ভত বর্তমানলৈ কোনো তথ্য প্রকাশ কৰা নাই।
আনহাতে, সংশ্লিষ্ট বিষয়ত দিলীপ নাথ নামৰ এজন সচেতন ব্যক্তিয়ে কৰা আৰটিআই আবেদনত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল কর্তৃপক্ষই সদৰী কৰা তথ্য অনুসৰি, ২০১৮ৰ পৰা ২০২৪ৰ মে’ পর্যন্ত চিকিৎসা মহাবিদ্যালয়খনত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ ১,৬৫১ জন আৰু উচ্চ ৰক্তচাপত আক্রান্ত হৈ ১৯৮ জন লোকে মৃত্যুক আঁকোৱালি লৈছে।
২০১৮৩ ২৫৩ জন, ২০১৯৩ ২৮৭ জন, ২০২০৩ ১৭৫জন, ২০২১ত ১৬৩জন, ২০২২৩ ৩২০জন, ২০২৩ত ৩২৭ জন আৰু ২০২৪ৰ মে’ পর্যন্ত ১২৬জনৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছে। একেদৰে ২০১৮৩ ৫১ জন, ২০১৯৩ ৪৩ জন, ২০২০৩ ২০জন, ২০২১৩ ০৯জন, ২০২২ত ২০জন, ২০২৩ত ৫২ জন আৰু ২০২৪ৰ মে’ পর্যন্ত ২১জন লোক উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ মৃত্যু হৈছে।
সমান্তৰালভাৱে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল কর্তৃপক্ষই সদৰী কৰা তথ্য অনুসৰি, ২০১৮ৰ পৰা ২০২৪ৰ ২০ মে’ পর্যন্ত চিকিৎসা মহাবিদ্যালয়খনত ১,২৭১ জন (৭৭৭ পুৰুষ আৰু ৪৯৪ মহিলা) লোক উচ্চ ৰক্তচাপত আক্রান্ত হৈ আৰু ৫৭ জন (২১জন পুৰুষ আৰু ৩৬ গৰাকী মহিলা) লোক হৃদৰোগত মৃত্যু হৈছে।
সেই অনুসৰি, ২০১৮৩ ১৮৪ জন, ২০১৯৩ ১৬২ জন, ২০২০৩ ১২৯জন, ২০২১৩ ১৮০জন, ২০২২৩ ২৯৭জন, ২০২৩৩ ২২১ জন আৰু ২০২৪ৰ মে’ পর্যন্ত ৯৮জন লোক উচ্চ ৰক্তচাপত আক্রান্ত হৈ মৃত্যু হৈছে। তাৎপর্যপূর্ণ বিষয়টো হৈছে যে ২০২৩ৰ মৃত্যুৰ সংখ্যৰ ভিতৰত সৰ্বাধিক ১৩১গৰাকী মহিলা।
একেদৰে চিকিৎসা মহাবিদ্যালয়খনত ২০১৮ত এজন, ২০১৯৩ পাঁচজন, ২০২০ত সাতজন, ২০২১ত ২৯ জন, ২০২২ত ১৩জন আৰু ২০২৩ত দুজনৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছে। এই পৰিসংখ্যাসমূহলৈ যদি চোৱা যায় ক’ভিডৰ সময়ছোৱাত তথা ২০১৯ৰ পৰা ২০২১ৰ সময়ছোৱাত হোৱা মৃত্যুৰ সংখ্যাতকৈ ২০২২ৰ পৰা ক্রমান্বয়ে বৃদ্ধি পাইছে আৰু এই ঘটনাপ্রবাহ অতি চিন্তনীয় হৈ পৰিছে।
এই ক্ষেত্রত সংশ্লিষ্ট বিভাগসমূহে দৃষ্টি প্রদান কৰাতো অত্যন্ত প্রয়োজনীয় হৈ পৰিছে আৰু ইয়াক নিশ্চিত কৰিবলৈ গৱেষণাৰ প্ৰয়োজন আছে। যিয়ে হয়তো ক’ভিডৰ পাছত আকস্মিক মৃত্যুৰ ঘটনা বৃদ্ধি পোৱা বুলি বহুজনৰ মনত উদয় হোৱা প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিব পাৰে।
