পাকিস্তানী অভিনেত্ৰীৰ ৰহস্যজনক মৃত্যু! 

1750418397 ayesha 1

Pakistan:মৃত্যুৰ এসপ্তাহৰ পাছত পাকিস্তানী অভিনেত্ৰী আয়েশা খানৰ মৃতদেহ উদ্ধাৰ।ইতিমধ্যে এই ঘটনাই পাকিস্তানী বিনোদন জগতত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কৰাচীৰ গুলছান-ই-ইকবালৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰে আয়েশা খানৰ মৃতদেহ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৬ বছৰ।

বিগত কিছু বছৰ ধৰি অকলশৰীয়াকৈয়ে বাস কৰি আহিছিল পাকিস্তানী অভিনেত্ৰীগৰাকীয়ে। উল্লেখ্য যে,তেওঁক ৰাজহুৱা স্থানত দেখা পোৱা নাযায়।

যোৱা এসপ্তাহ ধৰি তেওঁৰ ঘৰৰ পৰা কোনো শব্দও শুনা পোৱা নাই। ইয়াৰ পাছতে ৰহস্যজনকভাৱে তেওঁৰ ঘৰৰ পৰাই উদ্ধাৰ কৰে অভিনেত্ৰীগৰাকীৰ পচি যোৱা মৃতদেহ।

কিন্তু ঠিক কি কাৰণে তেওঁ নিজকে সম্পূৰ্ণৰূপে বিচ্ছিন্ন কৰি ৰাখিছিল তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

তথ্য অনুসৰি,যোৱা কিছুদিনৰ পৰা তেওঁৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটিছিল। কিন্তু মৃত্যুৰ সঠিক কাৰণ ইতিমধ্যে ৰহস্যৰ মাজত।

মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰাচীৰ জিন্না হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।আৰক্ষীয়ে ইতিমধ্যে অভিনেত্ৰীগৰাকীৰ আত্মীয় আৰু ওচৰ-চুবুৰীয়াকো জেৰা কৰিছে।

চুবুৰীয়াই প্ৰথমে আৰক্ষীক খবৰ দিয়ে। তেওঁলোকে আৰক্ষীক জনোৱা অনুসৰি,পাক অভিনেত্ৰীগৰাকীৰ ঘৰৰ পৰা দুৰ্গন্ধ আহিছিল।

লগে লগে আৰক্ষী বিষয়াই সেই স্থানত উপস্থিত হৈ অভিনেত্ৰীগৰাকীৰ ঘৰৰ দুৱাৰ ভাঙি ভিতৰলৈ সোমাই যায়। ইয়াৰ পাছতে আৰক্ষীয়ে প্ৰত্যক্ষ কৰে পাক অভিনেত্ৰীগৰাকীৰ পচি যোৱা মৃতদেহ ।

পাকিস্তানৰ মনোৰঞ্জন জগতত আয়েশা খান আছিল অতি গুৰুত্বপূৰ্ণ নাম। তেওঁৰ মৃত্যুত বহু পাকিস্তানী অভিনেতাই শোক প্ৰকাশ কৰিছে।

Exit mobile version