Mla Bhabesh Kalita:ৰাজ্যৰ এগৰাকী শাসনাধিষ্ঠ জ্যেষ্ঠ বিধায়কৰ পত্নীক অপহৰণৰ অপচেষ্টা৷ আবদ্ধ কৰি ৰখা হৈছে প্ৰায় এঘন্টা সময় ধৰি ৷
উদ্থাপিত অভিযোগ অনুসৰি বিজেপি বিধায়ক ভৱেশ কলিতাৰ পত্নীক ৰাজপথত অপহৰণৰ অপচেষ্টা ৷মদনপুৰ টোলগেটৰ কৰ্মচাৰীয়ে প্ৰায় এঘণ্টাৰো অধিক সময় আবদ্ধ কৰি ৰাখিছিল ভৱেশ কলিতাৰ পত্নীক৷ টোলগেটত টোল ফীচ দিয়া – নিদিয়াক লৈ বিধায়ক পত্নী আৰু টোলগেটৰ কৰ্মচাৰীৰে হৈছিল বাকবিতণ্ড৷
উল্লেখ্য যে,স্থানীয় বাসিন্দা হিচাপে টোল কৰ দিব নালাগে বিধায়ক ভৱেশ কলিতাৰ পৰিয়ালে৷ এই সন্দৰ্ভত বিধায়ক পত্নীয়ে টোলগেটৰ কৰ্মচাৰীক যুক্তিসহকাৰে বুজাই দিয়াৰ পাছতে তেওঁক এঘন্টাৰ সময় ধৰি আবদ্ধ কৰি ৰাখে ৷
অৱশ্যে পাছত আৰক্ষীৰ হস্তক্ষেপত সেই স্থান ত্যাগ কৰিবলৈ সক্ষম হয় বিধায়ক পত্নী ৷আনহাতে ঘটনা সন্দৰ্ভত কলিতাৰ পৰিয়ালে অমৰ জ্যোতি গোস্বামী, গাজিজুৰ ৰহমান আৰু জুয়েল খন্দকাৰ সহ আন কে’বাজন যুৱকৰ বিৰুদ্ধে থানাত দাখিল কৰিছে এজাহাৰ ৷
