Student Death:কানাডাত পুনৰ এগৰাকী ভাৰতীয় ছাত্ৰীৰ মৃত্যু। অৱশ্যে মৃত্যুৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই বুলি স্থানীয় প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে। ফলত ছাত্ৰীগৰাকীৰ মৃত্যুক লৈ ৰহস্য বৃদ্ধি পাইছে।
তানিয়া ত্যাগী নামৰ ছাত্ৰীগৰাকীয়ে কেলগাৰী বিশ্ববিদ্যালয়ত খাদ্য সুৰক্ষা আৰু গুণগত মানৰ স্নাতকোত্তৰ কৰিছিল ।তেওঁ উত্তৰ-পূব দিল্লীৰ বাসিন্দা।
ভেংকুৱাৰত থকা ভাৰতৰ কনছুলেট জেনেৰেলে বৃহস্পতিবাৰে ছাত্ৰীগৰাকীৰ মৃত্যুৰ কথা নিশ্চিত কৰে।লগতে তেওঁৰ এক্স হেণ্ডেলত তানিয়াৰ মৃত্যুত শোক প্ৰকাশ কৰে।
দিল্লীত থকা তানিয়াৰ পৰিয়ালৰ স’তে যোগাযোগ কৰা বুলি কনছুলেটে জানিবলৈ দিয়ে। লগতে তেওঁ জনাইছে, তানিয়াৰ মৃতদেহ অতি সোনকালে পৰিয়ালৰ হাতত গতাই দিয়াৰ ব্যৱস্থা কৰা হৈছে।
এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও বিদেশত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ ঘটনা সংঘটিত হৈছে। ইয়াৰ পূৰ্বেও কানাডাত কেবাগৰাকী ভাৰতীয় ছাত্ৰ ছাত্ৰীৰ মৃত্যু হৈছে।






























