ADVERTISEMENT
Odisha:
সোমাবৰে গণতন্ত্ৰ দিৱসৰ আনন্দ উছাহৰ মাজতে ওড়িশাত সংঘটিত হয় এক কৰুণ ঘটনা। ৰাষ্ট্ৰীয় পতাকা অৱনমন কৰিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু হয় এজন ছাত্ৰৰ ৷
জগৎসিংপুৰৰ এটা ব্যক্তিগত কোচিং চেণ্টাৰত পুৱাৰ ভাগত প্ৰতিষ্ঠানটিৰ ছাদত এডাল লোহাৰ পাইপ ব্যৱহাৰ কৰি উত্তোলন কৰা হৈছিল ৰাষ্ট্ৰীয় পতাকা খন। বিয়লি পতাকা খন অৱনমনৰ কৰিবলৈ গৈছিল দশম শ্ৰেণীৰ ছাত্ৰ এজন ৷ কিন্ত লোহাৰ পাইপডালত বিদ্যুৎস্পৃষ্ট হোৱাৰ ফলত থিতাতে শোকাৱহ মৃত্যুক সাবটি লয় ওম প্রকাশ দ্বিবেদী ছাত্ৰজনে। ইতিমধ্যে মেধাবী ছাত্ৰজনৰ আকস্মিক মৃত্যুত শোকাহতহ হৈ পৰিজগৎসিংপুৰ অঞ্চল ৷



































