Operation Sindhu:অপাৰেচন সিন্ধুৰ সাফল্য। দুদিনতে ইৰাণৰ পৰা ঘৰলৈ উভতি আহিল শতাধিক ভাৰতীয়। শনিবাৰে পুৱা দিল্লী বিমানবন্দৰত অৱতৰণ কৰে শ শ ভাৰতীয়ক লৈ এয়াৰ ইণ্ডিয়াৰ এখন বিমান।
উদ্ধাৰ কৰা ভাৰতীয়সকলে দেশৰ মাটিত ভৰি দিয়াৰ লগে লগে ‘মাতা কি জয়’ শ্ল’গানেৰে বিমানবন্দৰৰ চৌহদ মুখৰিত কৰে।ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধৰ মাজতে ইৰাণত আবদ্ধ হৈ থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীক লৈ উদ্বেগ বৃদ্ধি পাইছিল।
ইয়াৰ মাজতে,যুদ্ধবিধ্বস্ত ইৰাণত আবদ্ধ ভাৰতীয়ক উদ্ধাৰৰ বাবে বুধবাৰে নতুন দিল্লীয়ে ‘অপাৰেচন সিন্ধু’ আৰম্ভ কৰে। ভাৰতীয় শিক্ষাৰ্থীসকলক কঢ়িয়াই অনা প্ৰথমখন বিমান শুকুৰবাৰে নিশা ১১ বজাত দিল্লীত অৱতৰণ কৰে।
সেই বিমানখনত আছিল ২৯০ জন ভাৰতীয়। শনিবাৰে পুৱা দিল্লীত অৱতৰণ কৰে আন এখন বিমান। আজিও সন্ধিয়া আন এখন বিমান দিল্লীত অৱতৰণ কৰাৰ কথা। দিল্লীৰ পৰা সেই নাগৰিকসকলক নিজ নিজ ৰাজ্যলৈ ঘূৰাই আনিব ৰাজ্য চৰকাৰসমূহে।
সকলো মিলাই শিক্ষাৰ্থী আৰু তীৰ্থযাত্ৰীকে ধৰি প্ৰায় এক হেজাৰ ভাৰতীয় ইৰাণত আবদ্ধ হৈ আছে। বুধবাৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত জনাইছে ‘অপাৰেচন সিন্ধু’ৰ প্ৰাৰম্ভিক পৰ্যায়ত যুদ্ধবিধ্বস্ত ইৰাণৰ পৰা ১১০ জন ভাৰতীয় শিক্ষাৰ্থীক দেশলৈ ঘূৰাই অনাৰ হ’ব ।
শুকুৰবাৰ আৰু শনিবাৰে বৃহৎ সংখ্যক ভাৰতীয়ই ভাৰতৰ মাটিত ভৰি দিব পাৰিব বুলি আশাবাদী বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়। আচলতে ইৰাণৰ আকাশমাৰ্গ বন্ধ হৈ থকাৰ বাবেই প্ৰথম অৱস্থাত ভাৰতীয়ক ঘৰলৈ ঘূৰাই অনাত সমস্যাৰ সৃষ্টি হৈছিল।
এতিয়া ইৰাণে ভাৰতৰ বাবে নিজৰ আকাশমাৰ্গ মুকলি কৰিছে।ফলত বাকী থকা ভাৰতীয়সকল অতি সোনকালে দেশলৈ ঘূৰি আহিব পাৰিব বুলি দিল্লী আশাবাদী ।
যুদ্ধবিধ্বস্ত পৰিস্থিতিৰ পৰা দেশলৈ উভতি অহাৰ পাছত স্বাভাৱিকতে সকাহ পাইছে ভাৰতীয় শিক্ষাৰ্থী আৰু তীৰ্থযাত্ৰীসকল। তেওঁলোকক শীঘ্ৰে ঘৰলৈ ঘূৰাই অনাৰ উদ্যোগ লোৱাৰ বাবে ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে। জাতীয় পতাকা হাতত লৈ ভাৰত মাতা কি জয়ৰ শ্ল’গান দিয়া শুনা ভাৰতীয় শিক্ষাৰ্থীসকলক।
