ধাৰাসাৰ বৰষুণৰ ফলত গুজৰাট আৰু মহাৰাষ্ট্ৰত বান পৰিস্থিতি! 

সমগ্ৰ দেশতে সতৰ্কতা জাৰি কৰিছে আইএমডিয়ে 

IMG 20250621 144121

IMD:ধাৰাসাৰ বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে গুজৰাট আৰু মহাৰাষ্ট্ৰ। বিগত ২৪ ঘন্টাত ধাৰাবাহিক বৰষুণৰ ফলত এই দুখন ৰাজ্যত বান পৰিস্থিতিৰ সৃষ্টি হৈছে।

যাৰ বাবে সম্পূৰ্ণৰূপে বিঘ্নিত হৈছে জনজীৱন । বতৰ বিজ্ঞান বিভাগে এই দুখন ৰাজ্যৰ লগতে দেশৰ কেবাখনো ৰাজ্যত প্ৰবল বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে।

তদুপৰি ২০ জুনৰ পৰা ২৫ জুনলৈ উত্তৰ আৰু মধ্য ভাৰতৰ কেবাখনো ৰাজ্যত বৰষুণৰ পূৰ্বাভাস দিয়া হৈছে।

গুজৰাটৰ দ্ৰুতবেগী খৰেলা নদীৰ জলপৃষ্ঠ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ইতিমধ্যে ইয়াৰে কেবাটাও অঞ্চল ডুব গৈছে।

ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে যুদ্ধকালীন তৎপৰতাত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। বতৰ বিজ্ঞান বিভাগে অধিক বৰষুণৰ পূৰ্বাভাস প্ৰকাশ কৰিছে। ইতিমধ্যে গুজৰাটত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট।

ইফালে মহাৰাষ্ট্ৰত অতি প্ৰবল বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে আই এম ডিয়ে। ইতিমধ্যে তাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। ইয়াৰ উপৰিও থানে, ৰায়গদ, মুম্বাই, নাছিক আৰু ৰত্নাগিৰি জিলাতো বৰষুণৰ সম্ভাৱনা আছে।

ৰায়গদ জিলাত বিপদসীমাৰ ওপৰেৰে বৈ আছে আম্বা আৰু কুণ্ডলিকা নদী। ইতিমধ্যে পুনেৰ কেইবাটাও অঞ্চল পানীৰ তলত। নাচিকতো বিপদসীমাৰ ওপৰেৰে বৈ গৈছে গোদাৱৰী নদী।

মহাৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তৰ পথত ভূমিস্খলন আৰু পানী জমা হোৱাৰ ফলত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে।

অহা কেইদিনমানৰ ভিতৰত দেশৰ কেবাখনো ৰাজ্যত প্ৰবলৰ পৰা অতি প্ৰচণ্ড বৰষুণ হ’ব বুলি আই এম ডিয়ে প্ৰকাশ কৰিছে। এই তালিকাত আছে দিল্লী, পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ, লাডাখ, উত্তৰ প্ৰদেশ আৰু পূব ৰাজস্থান।

অহা সাত দিনলৈ উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহত বজ্ৰপাতৰ স’তে সামান্যৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে।

বতৰ বিজ্ঞানৰ কাৰ্যালয়ে দেশৰ নাগৰিকসকলক বান প্ৰৱণ আৰু নিম্নগামী অঞ্চলসমূহ খালী কৰিবলৈ কয়।

Exit mobile version