Fake News:’ভুৱা’ বাতৰি বিয়পালে কঠোৰ শাস্তি! এইবাৰ এই সন্দৰ্ভত আইন আনিবলৈ ওলাইছে কৰ্ণাটক চৰকাৰে। কৰ্ণাটকৰ ভুল তথ্য আৰু ভুৱা বাতৰি (নিষেধাজ্ঞা) (Karnataka Misinformation and Fake news (Prohibition) Act) আইনৰ খচৰা প্ৰস্তুত কৰা হৈছে। য’ত ভুৱা বাতৰি বিয়পোৱাৰ বাবে কেবাটাও শাস্তিৰ কথা উল্লেখ কৰা হৈছে।
বিধেয়কখনৰ মতে যদি ভুৱা বাতৰি বিয়পোৱাৰ অভিযোগ প্ৰমাণিত হয় তেন্তে ১০ লাখ টকাৰ জৰিমনা আৰু সাত বছৰ পৰ্যন্ত কাৰাদণ্ড বিহা হ’ব পাৰে।
কৰ্ণাটকত কংগ্ৰেছে ক্ষমতালৈ অহাৰ কিছু সময়ৰ পাছতেই ছ’চিয়েল মিডিয়াত ভুৱা বাতৰিৰ প্ৰচাৰ বন্ধ কৰিবলৈ কঠোৰ আইনৰ খচৰা প্ৰস্তুত কৰিছিল।
শেহতীয়াকৈ কেবিনেট বৈঠকত আলোচনা হোৱা এই বিধেয়কখনে ছ’চিয়েল মিডিয়াত যিকোনো সন্দেহজনক বা আপত্তিজনক প’ষ্ট আঁতৰোৱাৰ ক্ষমতা চৰকাৰক প্ৰদান কৰিব।
তাৎপৰ্যপূৰ্ণভাৱে ছচিয়েল মিডিয়াত ৰাজনৈতিক দলৰ বৈঠকৰ পৰা লাইভ প্ৰকাশ কৰিলে বক্তব্য আঁতৰোৱাৰ ক্ষমতা চৰকাৰৰ হাতত থাকিব।
প্ৰস্তাৱিত আইনখনত ছয়জনীয়া নিয়ন্ত্ৰণ ব’ৰ্ড গঠনৰ প্ৰস্তাৱ দিয়া হৈছে। ব’ৰ্ডে নিজা উদ্যোগত ভুৱা বাতৰি চিনাক্ত কৰিবলৈ সক্ষম হ’ব।
আনকি এই ব’ৰ্ডত অভিযোগ দাখিল কৰাৰ সুযোগো থাকিব। ইয়াৰ উপৰিও ভুৱা বিশেষ আদালত গঠনৰ প্ৰস্তাৱ দিয়া হৈছে।
খচৰা অনুসৰি প্ৰত্যক্ষ বা পৰোক্ষভাৱে ভুৱা বাতৰি প্ৰচাৰ কৰাত সহায় কৰা ব্যক্তিৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। এনে ক্ষেত্ৰত জৰিমনা আৰু দুবছৰৰ কাৰাদণ্ড বিহা হ’ব পাৰে।
