গোলকগঞ্জত আটক কুখ্যাত গো সৰবৰাহকাৰী

IMG 20250622 WA0032

Golakganj:ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত উত্তৰ ৰায়পুৰ প্ৰথম খণ্ড গাঁৱত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই এজন কুখ্যাত গো ধন সৰবৰাহকাৰীক আটক কৰে। আটকাধীন গাওঁ খনৰ মন্টু বেপাৰীৰ পুত্ৰ সহিদুল বেপাৰী (৪০) ।

তথ্য অনুসৰি,অবৈধ ভাবে পশ্চিমবংগৰ পৰা অসমত প্ৰৱেশ কৰা চোৰাং গো-ধন সমূহ ৰতিয়াদহৰ পৰা বালাজান লৈ গোলকগঞ্জ থানা এলেকা পাৰ কৰি দিয়াৰ বাবে সহিদুল দায়িত্বত থাকে।

তেওঁৰ বিৰুদ্ধে ইতিমধ্যে গোলকগঞ্জ থানাত ১৫৪/২৫ নম্বৰৰ গোচৰ পঞ্জীয়ন হৈ আছে। দীৰ্ঘ দিনৰ পৰা আৰক্ষীয়ে তেওঁক বিচাৰি আছিল।

যোৱা নিশা গোপন খবৰৰ ভিত্তিত অভিযান চলাই নিজ ঘৰৰ পৰাই কুখ্যাত গো ধন সৰবৰাহকাৰী জনক আটক কৰে আৰক্ষীয়ে।

ইপিনে যোৱা ২৭ মে’ৰ নিশা পশ্চিমবংগৰ পৰা অসমত প্ৰৱেশ কৰা এএছ ০১ ওৱাই ২৪০০ নম্বৰৰ এখন বাহন মইচা চৰত দুৰ্ঘটনাত পতিত হয়।

বাহন খনত আৰক্ষী তালাচী চলাই ছয়টা চোৰাং গৰুৰ লগতে “DB বাৰ্তা” নামৰ এটা প’ৰ্টেলৰ বুম উদ্ধাৰ কৰে। গৰুৰ চোৰাং বেপাৰৰ লগত একাংশ প’ৰ্টেল সাংবাদিক জড়িত থকা বুলি বহু পূৰ্বৰ পৰাই অভিযোগ উত্থাপিত হৈ আহিছে।

উক্ত ঘটনাটো তদন্ত কৰিলে আচল ৰহস্য ওলাই পৰাৰ সম্ভাৱনা অধিক। কিন্তু আজিলৈ আৰক্ষী এই ক্ষেত্ৰত নীৰৱ ভুমিকা গ্ৰহণ কৰা ঘটনাই তাৎপৰ্য্য বহন কৰিছে।

Exit mobile version