Char Dham Yatra:চাৰ ধাম যাত্ৰাৰ সময়ত হেলিকপ্টাৰ সেৱাত হোৱা ত্ৰুটিক লৈ আদালতৰ তীব্ৰ তিৰস্কাৰৰ সন্মুখীন হ’ল উত্তৰাখণ্ডৰ বিজেপি চৰকাৰ। দায়ী কোন ? কিয় বাৰে বাৰে দুৰ্ঘটনা সংঘটিত হৈছে? একাধিক বিষয়ত চৰকাৰক প্ৰশ্ন উত্থাপন কৰিছে উচ্চ ন্যায়ালয়ে।
উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জি নৰেন্দ্ৰ আৰু ন্যায়াধীশ আলোক মেহেৰাৰ বিভাগীয় বিচাৰপীঠে কয়, “ভুলটো ঠিক ক’ত হৈছিল? এই দুৰ্ঘটনাবোৰৰ বাবে দায়ী কোন?” উচ্চ ন্যায়ালয়ে কয় যে তীৰ্থযাত্ৰীৰ সুৰক্ষাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া উচিত।
চৰকাৰে হেলিকপ্টাৰ সেৱাৰ বাবে দ্ৰুততাৰে এক নিৰ্দিষ্ট নীতি প্ৰণয়ন কৰিব লাগে। অতিৰিক্ত নিৰাপত্তাৰ ব্যৱস্থাও কৰিব লাগে। বিশেষকৈ ওখ পাহাৰীয়া অঞ্চলত সেৱাৰ বাবে উপযুক্ত প্ৰস্তুতি চলাব লাগে।
যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি হেলিকপ্টাৰ সেৱা আপাততঃ বন্ধ কৰি দিয়া হৈছে বুলি উত্তৰাখণ্ড চৰকাৰে প্ৰকাশ কৰিছে।
দৰাচলতে এইবাৰ চাৰধাম পথত হেলিকপ্টাৰ যাত্ৰা সন্ত্ৰাসৰ আন এক নামত পৰিণত হৈছে। মাত্ৰ ৪০ দিনত পাঁচখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে, কমেও ১২ জনৰ মৃত্যু হৈছে!






























