World war:
আকস্মিকভাবে মার্কিন প্ৰতিৰক্ষা বাহিনীয়ে শনিবাৰে ইৰানৰ তিনিখন প্রধান পৰমাণু ক্ষেত্ৰত আক্ৰমণ কৰাক কেন্দ্ৰ কৰি তৃতীয় বিশ্বযুদ্ধ সূচনাৰ আশংকা প্ৰৱল হৈছে। ইৰানত চলোৱা এই আক্রমণক গৰিহণা দি সৰৱ হৈ উঠিছে ৰাছিয়া।
এনে অৱস্থাতে ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনৰ স’তে এক ‘জৰুৰী আলোচনা’ত মিলিত হ’বলৈ ৰাছিয়ালৈ ৰাওনা হয় ইৰানৰ বৈদেশিক মন্ত্রী আব্বাছ আৰাগচি। সূত্ৰই প্ৰকাশ কৰা অনুসৰি, মস্কো ভ্ৰমণৰত বৈদেশিক মন্ত্রীজন ৰুছ ৰাষ্ট্ৰপতি পুটিনৰ স’তে আলোচনাত মিলিত হ’ব।
উল্লেখ্য যে চলিত ইৰান-ইজৰাইল যুদ্ধৰ সূচনা হোৱাৰ পাছৰে পৰা ৰাছিয়াই ইৰানৰ সমৰ্থনত থিয় দি আছে। ৰাছিয়াৰ এনে সহযোগিতা লাভ কৰাৰ পৰিপ্ৰেক্ষিতত যুদ্ধ পৰিস্থিতিৰ মাজতে ইৰানী বৈদেশিক মন্ত্রীজন পুটিনৰ দ্বাৰস্থ হৈছে। এই ঘটনাই সমগ্ৰ বিশ্বৰ দৃষ্টি আকর্ষণ কৰিছে। পুটিন-আৰাগচিৰ আলোচনাক লৈ সমগ্ৰ বিশ্বত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।
আনহাতে, ইৰানৰ পৰমাণু ক্ষেত্ৰ তিনিখনক মার্কিন বাহিনীয়ে কৰা আক্ৰমণ কেৱল দায়িত্বজ্ঞানহীনেই নহয়, আন্তর্জাতিক আইন বিৰোধী বুলিও আখ্যা দিছে ৰুছ চৰকাৰে। ট্রাম্প প্ৰশাসনক এনে তীক্ষ্ণ ভাষাৰে সমালোচনা কৰি ৰুছ বৈদেশিক মন্ত্রণালয়ে এক বিবৃতিত কয়, ‘আমেৰিকাৰ এই আক্রমণ দায়িত্বজ্ঞানহীন আৰু আন্তর্জাতিক আইন উলংঘাকাৰী। উত্তেজনা ভয়াৱহ ৰূপত বৃদ্ধি পাইছে। ইয়ে আঞ্চলিক আৰু আন্তর্জাতিক নিৰাপত্তাও বিঘ্নিত কৰিব।’ ইৰানৰ পৰমাণু ক্ষেত্ৰকেইখনত আক্ৰমণৰ জৰিয়তে আমেৰিকা যুক্তৰাষ্ট্ৰই যে কোনো নীতি-নিয়ম মানি নচলে তাকে বুজাই দিলে বুলিও ৰুছ বৈদেশিক মন্ত্রণালয়ে প্রতিক্রিয়া প্রকাশ কৰিছে।
লগতে বিবৃতিটোত ইৰানক প্রশংসা কৰি কোৱা হয় যে দেশৰ নিৰাপত্তা আৰু জাতীয় স্বার্থ ৰক্ষাৰ্থে মার্কিন সেনাৰ এই আগ্রাসনৰ বিৰুদ্ধে ইৰানৰ পূৰ্ণ শক্তিৰে যুঁজ দিয়াৰ ক্ষমতা থকাটো তেহৰানে স্পষ্ট কৰিছে। ইৰানৰ পৰমাণু ক্ষেত্রত মার্কিন বাহিনীয়ে চলোৱা আক্ৰমণৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে প্রাক্তন ৰুছ ৰাষ্ট্ৰপতি তথা ৰুছ নিৰাপত্তা পৰিষদৰ উপাধ্যক্ষ ডিমিট্রি মেডভেদভো। আক্ৰমণলানিৰ বাবে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পক কঠোৰ ভাষাৰে সমালোচনা কৰিছে মেদভেদভে।
তেওঁ কয়, ‘শান্তি আলোচনাৰ নাম লৈ দৰাচলতে পশ্চিম এছিয়াত এক নতুন যুদ্ধৰ সূচনা কৰিলে ট্রাম্পে। আমেৰিকাৰ আক্ৰমণত ইৰানৰ বিশেষ কোনো ক্ষয়-ক্ষতি হোৱা নাই। পাৰমাণৱিক ক্ষেত্ৰকেইখনৰো সামান্য ক্ষতিৰ বাহিৰে আন একো হোৱা নাই।’ এই সম্পর্কত তেওঁ আৰু কয়, ‘ইৰানক পৰমাণু অস্ত্ৰ যোগান ধৰিবলৈ অনেক দেশ সাজু আছে। ইৰানত পাৰমাণৱিক পদাৰ্থৰ সমৃদ্ধিকৰণ আৰু ভৱিষ্যতে পাৰমাণৱিক অস্ত্ৰৰ উৎপাদন অব্যাহত থাকিব।’
ইপিনে, ৰাছিয়া অভিমুখী যাত্রাকালত তুৰস্কৰ ইষ্টানবুলত ইৰানৰ বৈদেশিক মন্ত্ৰী আৰাগচিয়ে সংবাদ মাধ্যমক কয়, ‘ৰাছিয়া ইৰানৰ বন্ধু। আমাৰ কৌশলগত সম্পর্ক আছে। আমি কেনে পৰিস্থিতিত আলোচনাত মিলিত হ’ম সেয়া ঠিক কৰা হৈছে।’ উল্লেখ্য যে ২০১৫ত তদানীন্তন মার্কিন ৰাষ্ট্ৰপতি বাৰাক অ’বামাৰ দিনত ইৰানৰ স’তে এক পৰমাণু নিৰস্ত্ৰীকৰণ চুক্তি স্বাক্ষৰ হয়।
এই চুক্তিৰ প্ৰতি সমর্থন আগবঢ়োৱা পাঁচখন শক্তিধৰ ৰাষ্ট্ৰৰ অন্যতম আছিল ৰাছিয়াও। এই চুক্তি অনুসৰি ইৰানে ইউৰেনিয়াম সমৃদ্ধিকৰণ কৰ্মসূচী আৰু পৰমাণু অস্ত্ৰ তৈয়াৰ কৰাৰ প্ৰচেষ্টা বন্ধ ৰাখিলে দেশখনৰ ওপৰত আৰোপিত আর্থিক নিষেধাজ্ঞা ৰাষ্ট্ৰসংঘ, আমেৰিকা যুক্তৰাষ্ট্ৰসহ কে’বাখনো দেশে প্রত্যাহাৰ কৰিব।






























