Ayatollah Ali Khamenei:
১৯৭৯ত ৰাজতন্ত্র বিৰোধী বিপ্লৱৰ সাক্ষী হৈছিল ইৰানৰ জনগণ। পহলভি ৰাজবংশৰ শাসক শ্বাহ মহম্মদ ৰেজা পহলভিক অপসাৰণ কৰি আয়াতুল্লাহ কহুল্লাহ খোমেইনিয়ে ইৰানৰ সর্বোচ্চ ক্ষমতাত অধিষ্ঠিত হয়। তেতিয়াৰে পৰা ইৰানত আৰম্ভ হয় প্রজাতন্ত্রব
শাসন।
খোমেইনিৰ নেতৃত্বত ক্ষমতালৈ আহে ইছলামিক ৰিপাব্লিক চৰকাৰ। এই বিপ্লৱৰ বীজ ৰোপণ কৰা হৈছিল বহু পূৰ্বৰে পৰাই। ইৰানৰ ৰাজবংশৰ প্ৰতি সাধাৰণ মানুহৰ অসন্তোষৰ পৰাই বিপ্লৱৰ জন্ম হৈছিল। ১৯৮৯ ত খোমেইনিৰ মৃত্যুৰ পাছত ইৰানৰ শাসনভাৰ হাতত তুলি লয় ইজৰাইল আৰু আমেৰিকাৰ যৌথ আক্রমণত দেওবাৰে নিহত হোৱা ৰাষ্ট্ৰখনৰ সর্বোচ্চ ধর্মীয় নেতা আয়াতুল্লাহ আলী খামেনেই। শনিবাৰে মার্কিন-ইজৰাইলী বাহিনীৰ যৌথ আক্রমণত খামেনেইৰ মৃত্যুৰ লগে লগে ৩৭ বছৰীয়া সাম্রাজ্যৰ পতন ঘটিল। খোমেইনি আৰু খামেনেই সাম্রাজ্যৰ আৰম্ভণি হৈছিল ইছলামিক বিপ্লৱৰ জৰিয়তে।
প্রাচীন পাৰস্য দেশৰ ওপৰত জপিয়াই পৰিল ইজৰাইল আৰু আমেৰিকা। পশ্চিম এছিয়াৰ ইহুদীৰ সিংহনাদ আৰু মার্কিন যুক্তৰাষ্ট্ৰৰ মহাকাব্যিক ক্রোধৰ মুহুর্মুহু ক্ষেপণাস্ত্র আক্রমণত নিহত ইৰানৰ ছিয়া সমগ্ৰ আৰু সর্বোচ্চ নেতা খামেনেইক পুলিয়ে পোখাই শেষ কৰিবলৈ কিয় বেপৰোৱা আছিল আমেৰিকা আৰু ইজৰাইল। যোৱা ২৮ ফেব্ৰুৱাৰীত ইজৰাইল আক মার্কিন বাহিনীয়ে ইৰানত আক্ৰমণ কৰে। ৰাজধানী তেহৰানসহ একাধিক চহৰত নিক্ষেপ কৰা হয় যৌথ বাহিনীৰ ড্ৰ’ন আৰু ক্ষেপণাস্ত্র।
এই আক্রমণৰ বহু ঘণ্টাৰ পাছত প্রধানমন্ত্রী বেঞ্জামিন নেতানিয়াহুরে কয় যে খামেনেই আৰু পাৰস্যৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানক যৌথ বাহিনীৰ লক্ষ্য কৰি লৈছিল আৰু এই আক্রমণতে খামেনেইয়ে প্রাণ হেৰুৱায়। ইয়াৰ পাছত সামাজিক মাধ্যমত মার্কিন ৰাষ্ট্ৰপতি ডানাল্ড ট্রাম্পেও প্রতিক্রিয়া প্রকাশ কৰি খামেনেইক ইতিহাসৰ অন্যতম কুখ্যাত ব্যক্তি বুলি কয়। পুৱা তেহৰানৰ পৰাও সর্বোচ্চ নেতাৰ মৃত্যুৰ বাতৰি নিশ্চিত কৰা হয় আৰু তেওঁৰ মৃত্যুত ইৰানে ৪০ দিন ৰাষ্ট্রীয় শোক পালন কৰিব।
১৯৩৯ৰ১৯ এপ্রিলত ইৰানৰ ঐতিহাসিক মাছহাদ চহৰত জন্ম হয় আলী খামেনেইৰ। তেওঁৰ পিতৃ ছৈয়দ জাভেদৰ শৰীৰত আছিল আভাৰবাইজানৰ তুর্কীৰ তেজ। ইপিনে, পার্টি পৰিয়ালৰ কন্যা আছিল তেওঁৰ মাতৃ। আঠ ভ্রাতৃ-ভগ্নীৰ ভিতৰত খামেনেই আছিল দ্বিতীয় সন্তান। মাত্ৰ চাৰি বছৰ বয়সত তেওঁৰ ধৰ্মীয় শিক্ষা আৰম্ভ হয় পবিত্র কোৰান পাঠৰ জৰিয়তে। ডাঙৰ হৈ অহাৰ লগে লগে তেওঁৰ ধর্মীয় নিৰপেক্ষ বুদ্ধিজীবীসকলৰ স’তে সমিলমিল বৃদ্ধি পায়। ইৰানত তেতিয়া সম্পূর্ণৰূপে আছিল ৰাজতন্ত্র। মহম্মদ বেজা শ্বাহ পহলভিৰ মার্কিন যুক্তৰাষ্ট্রসহ পশ্চিমী বিশ্বৰ স’তে সুসম্পর্ক আছিল। দেশক আধুনিক কৰিবলৈ পহলভিয়ে পাৰস্য ভূমিলৈ আনিছিল মুক্ত চিন্তাৰ পয়োভৰ।
ছিয়া কঠোৰপন্থীয়ে এই কথা একেবাৰে মানি ল’ব পৰা নাছিল। ফলত ৰাজতন্ত্ৰৰ বিৰুদ্ধে বিদ্রোহৰ উকমুকনিৰ সৃষ্টি হয়। এই বিক্ষোভৰ নেতৃত্বতে আছিল খোমেইনি। ক্রমশঃ খোমেইনিৰ ভক্ত হ’বলৈ আৰম্ভ কৰে আলী খামেনেই। ইৰানৰ চৰকাৰী নথি অনুসৰি পহলভিৰ শাসনকালত ৰাজতন্ত্ৰৰ বিৰুদ্ধে আন্দোলনৰ বাবে কমেও ছবাৰ গ্ৰেপ্তাৰ হয় খামেনেই। তেওঁ তিনি বছৰৰ বাবে নির্বাসিত হৈছিল। ১৯৭৯ত অধুনালুপ্ত পাৰস্য দেশত আৰম্ভ হয় ইছলামিক বিপ্লৱ। ফলত পৰিয়ালসহ দেশ ত্যাগ কৰি পলায়ন কৰে পহলভি। এই বিপ্লৱৰ অন্যতম মুখ আছিল খামেনেই।
ফলত ক্ষমতা সলনিৰ লগে লগে তেওঁৰ ৰাজনৈতিক উত্থান আবস্ত হয়। ইছলামিক বিপ্লৱৰ পাছত ইৰানক কঠোৰ পন্থী ছিয়া ৰাষ্ট্রৰূপে গঢ়ি তোলে কহুল্লাহ খোমেইনিয়ে। দেশৰ সৰ্বোচ্চ নেতাৰ পদ তেওঁ গ্রহণ কৰে। ইতিমধ্যে তেওঁৰ ঘনিষ্ঠ মহলৰ অন্যতম হৈ পৰিছিল খামেনেই। ফলত প্রশাসনিক স্তৰত তেওঁৰ দ্রুত উত্থান হ’বলৈ ধৰে। ইছলামিক বিপ্লৱৰ এবছৰৰ মূৰকত তেহৰান আক্রমণ কৰে ইৰাকী ৰাষ্ট্রপতি প্রয়াত হাদ্দাম হুছেইন। প্রতিবেশী দেশৰ স’তে এক দীর্ঘ ৰক্তক্ষয়ী সংঘর্ষত জড়িত হয় প্রাচীন পাৰস্যৰ বাহিনী।
ইৰাক-ইৰান যুদ্ধ আঠ বছৰ ধৰি চলিছিল। ইয়াৰ নেতৃত্ব দি ইৰানৰ সামৰিক বাহিনীক যথেষ্ট সুবিধাজনক স্থানত অৱস্থান কৰাই খামেনেই। যুদ্ধ চলাকালীন ১৯৮১ৰ ২৭ জুনত একপ্ৰকাৰ মৃত্যুৰ মুখৰ পৰা তেওঁ উভতি আহিছিল। সেইদিনাখন তেহৰানৰ আবুজাত এটা মছজিদত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছিল। ঘটনাৰ সময়ত সেই স্থানত আছিল ছিয়া ধর্মগুৰু। এই আক্রমণত অতি গুৰুতৰভাবে আহত হোৱা খামেনেইৰ পক্ষাঘাতত সোঁহাতখন সম্পূর্ণৰূপে চেতনাহীন হৈ পৰে। তেহৰানৰ এই মছজিদৰ বিস্ফোৰণে খামেনেইক ক্ষান্ত কৰিব পৰা নাছিল। হাস্পতালৰ পৰা উভতি আহি তেওঁ পূর্ণোদ্যমে ৰাজনৈতিক আৰু প্রশাসনিক কাম আগুৱাই নিয়ে। অৱশ্যে তেওঁৰ হত্যাৰ ষড়যন্ত্রত কোনেও ৰেহাই পোৱা নাছিল।
এটাৰ পাছত আনটো প্রত্যাহ্বান গৰকি ইৰাকী অর্ধ-সামৰিক বাহিনী ইছলামিক বিভ’লিচনেৰী গার্ড ক’ৰ বা আইআৰজিচিক অধিক শক্তিশালী কৰে খামেনেই। এই বাহিনীটো একমাত্র সর্বোচ্চ নেতাৰ প্ৰতিয়ে অনুগত। মছজিদৰ বিস্ফোৰণৰ চাৰি মাহৰ পাছত ১৯৮১ৰ ন অক্টোবৰত ইৰানৰ ৰাষ্ট্ৰপতিৰ পদত শপত লয় খামেনেই। তেওঁক এই পদত বহুরাই খোমেইনিয়ে। তেওঁ ধাৰণা কৰিছিল যে কট্টৰপন্থী ছিয়া নেতাসকলৰ ভিতৰত সর্বাধিক বুদ্ধিদীপ্ত আৰু যোগ্যজনেই হৈছে খামেনেই। পৰৱৰ্তী বছৰবোৰত এই কথা অৱশ্যে সঠিক প্রমাণিত হয়।
প্রধানমন্ত্রী মীৰ হুছেইন মুহাভিৰ নেতৃত্বত ছাদ্দামৰ সেনাক প্রতিৰোধ কৰিবলৈ সক্ষম হয় ইৰাক। ফলত ১৯৮৮ত তেহৰানৰ স’তে যুদ্ধবিৰতি কৰিবলৈ বাধ্য হৈছিল বাগদাদ। এই যুদ্ধত এক ইঞ্চিও ভূমি হেৰুওৱা নাছিল ইৰানে। ফলত নিশাটোৰ ভিতৰতে বহুগুণে বৃদ্ধি পায় খামেনেইৰ জনপ্রিয়তা। ১৯৮৯ত খোমেইনিৰ মৃত্যুৰ পাছত সর্বোচ্চ নেতাৰ আসনত অধিষ্ঠিত হয় খামেনেই। তেওঁৰ নেতৃত্বত কঠোৰপন্থী নীতি-নিয়ম অধিক কঠোৰতমভাৱে নাগৰিকৰ ওপৰত প্রয়োগ কৰে চৰকাৰে। ফলত তেহৰানত বিদ্ৰোহৰ অগ্নি জুলি উঠে। ইৰানৰ এই ইছলামীয় বিপ্লবক কোনোপধ্যে মানি লোৱা নাছিল আমেৰিকা আৰু ইজৰাইলে।
ফলত তেহৰানৰ ওপৰত বহুসংখ্যক নিষেধাজ্ঞা আৰোপ কৰে আমেৰিকাই। অৱশ্যে খামেনেইক দমন কৰিব পৰা নগ’ল। তেওঁ ৰাছিয়াৰ স’তে ঘনিষ্ঠতা বৃদ্ধি কৰি বাশিংটনৰ ওপৰত চাপ সৃষ্টি কৰে। ইপিনে, তেওঁৰ বিৰুদ্ধে পশ্চিম এছিয়াত একাধিক পেলেষ্টাইনপন্থী বিদ্রোহী গোষ্ঠীয়ে জন্ম লোৱা বুলি ইজৰাইলে অভিযোগ কৰে। এই তালিকাত আছে গাজাৰ হামাছ, লেবাননৰ হিজবুল্লা আৰু য়েমেনৰ হুটিৰ নাম।



































