যমুনোত্ৰি আৰু বদ্ৰীনাথ পথত ব্যাপক ভূমিস্খলন, তিনি জন নিহত, এজন নিৰুদ্দেশ

IMG 20250624 142359

Char Dham: চাৰধাম যাত্ৰাত বৃহৎ দুৰ্যোগ। ধাৰাসাৰ বৰষুণৰ ফলত যমুনোত্ৰী আৰু বদ্ৰীনাথৰ কেবাঠাইতো ভূমিস্খলনৰ সৃষ্টি হৈছে। সোমবাৰে তিনিজন তীৰ্থযাত্ৰীৰ ভূমিস্খলনত মৃত্যু হোৱাৰ লগতে এজন নিৰুদ্দেশ হয়।

আৱদ্ধ হৈ আছে বহু লোক। এনে পৰিস্থিতিত ব্যাহত হৈছে চাৰধাম যাত্ৰা।

তথ্য লাভ কৰাৰ লগে লগে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ), ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ) আৰু স্থানীয় আৰক্ষী সেই স্থানত উপস্থিত হয় । ইতিমধ্যে যুদ্ধকালীন তৎপৰতাত আৰম্ভ হৈছে উদ্ধাৰ অভিযান ।

যমুনোত্ৰী পথত ভয়ংকৰ ভূমিস্খলন

২৩ জুন সোমবাৰে যমুনোত্ৰী মন্দিৰৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ দূৰত্বত থকা নৌ কাঞ্চি অঞ্চলত এক বৃহৎ ভূমিস্খলন সংঘটিত হয়। পাহাৰৰ পৰা ডাঙৰ ডাঙৰ শিল তললৈ নামি আহি তীৰ্থযাত্ৰীৰ যোৱাৰ বাটত পৰে।

সূত্ৰ অনুসৰি শিলৰ তলত আবদ্ধ হৈ আছে কেবাজনো তীৰ্থযাত্ৰী।ইতিমধ্যে মুম্বাইৰ এজন তীৰ্থযাত্ৰীক আহত অৱস্থাত ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰা হৈছে।

বৰ্তমান তেওঁ জাংকিচট্টিৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ আছে আৰু বৰ্তমান তেওঁৰ অৱস্থা স্থিতিশীল।

ইয়াৰ উপৰিও দিল্লীৰ ভৱিকা নামৰ ১২ বছৰীয়া কিশোৰীসহ দুজন তীৰ্থযাত্ৰী সন্ধানহীন হৈ আছে। ইয়াৰে এজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। বাকীবোৰৰ সন্ধান অব্যাহত আছে।

বদ্ৰীনাথ পথতো মৰ্মান্তিক দুৰ্ঘটনা

সোমবাৰে পুৱা চামোলী জিলাৰ বদ্ৰীনাথ ঘাইপথৰ পাটালগংগা সুৰংগৰ সমীপত এখন চলন্ত বাহনৰ ওপৰত শিল বাগৰি পৰে। ঘটনাস্থলিতে এগৰাকী মহিলাৰ মৃত্যু হয়। এটা শিশুসহ দুজন লোক আহত হয়। নিহত লোকজনৰ নাম শিল্পা (৩৬)। আহত দুজন অংকিত লাল (৩৯) আৰু খুশী (১০) বুলি চিনাক্ত কৰা হৈছে।আটাইকেইজনেই হাৰিয়ানাৰ ফতেহাবাদৰ বাসিন্দা। বদ্ৰীনাথৰ পৰা উভতি আহিছিল।

তদুপৰি কালি পুৱা ভূমিস্খলনৰ বাবে পিপালকোটিৰ সমীপৰ বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথ (NH-54) ছয় ঘণ্টাৰো অধিক সময় বন্ধ হৈ পৰে। কিন্তু দুপৰীয়ালৈকে পথটো মুকলি কৰি যাতায়তৰ বাবে মুকলি কৰি দিয়া হয়।

তথ্য অনুসৰি,যোৱা ২৪ ঘন্টাত এই ঘাইপথতো দুবাৰকৈ বন্ধ হৈছে।উল্লেখ্য যে,উত্তৰাখণ্ডত বৰ্তমান প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস। প্ৰশাসনে তীৰ্থযাত্ৰীৰ বাবে বিশেষ সতৰ্কবাণী জাৰি কৰিছে। ইয়াৰ সমান্তৰালকৈ যুদ্ধকালীনভাৱে পথ চাফাইৰ কাম চলিছে।

Exit mobile version