Plane crash :আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ ভয়াৱহ বিমান দুর্ঘটনাৰ পাছত বিমান যাত্ৰাক লৈ সাধাৰণ মানুহৰ মাজত উদ্বেগ আৰু আতংক অব্যাহত আছে। এনে পৰিস্থিতিতে এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিল।
পৰিসংখ্যা অনুসৰি ২০১৭ৰ পৰা ২০২৩ বৰ্ষৰ সময়ছোৱাত সাত বছৰৰ ভাৰতত একাধিকবাৰ ক্ষুদ্ৰ আৰু বৃহৎ দুৰ্ঘটনাৰ সম্মুখীন হৈ আহিছে বিভিন্ন বিমান। অসামৰিক বিমান পৰিবহণ মন্ত্রণালয়ৰ অধীনস্থ ডিজিচিত্ৰৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি উক্ত সাত বছৰত দেশত ৬১ বিমান দুর্ঘটনা সংঘটিত হৈছিল।
এই সময়ছোৱাত দেশত বিমানৰ গুৰুতৰ দুৰ্ঘটনাৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল ৯০ টা। অৱশ্যে অন্তিম মুহূর্তত সতর্কতা অৱলম্বনৰ ফলত এইসমূহ বিমান দুর্ঘটনা বাস্তৱত অতিক্রম কৰা সম্ভৱ হৈছিল। ডিজিচিএৰ উক্ত প্রতিবেদনত উল্লেখ কৰা অনুসৰি দেশৰ সৰ্বাধিক বিমান দুর্ঘটনা হৈছিল ২০২২ বর্ষত।
২০২০ৰ পৰা ২০২২ৰ সময়ছোৱাত এনে দুর্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে। ২০২০ত সাতখন, ২০২১ত নখন আৰু ২০২২ত ১২ খন বিমান দুর্ঘটনাগ্রস্ত হৈছিল।
