Puri Jagannath Temple:ৰথ যাত্ৰাৰ পূৰ্বে পুৰীৰ জগন্নাথ মন্দিৰত সংঘটিত হয় চাঞ্চল্যৰ ঘটনা! চুৰি হ’ল জগন্নাথ, বলাৰাম, আৰু সুভদ্ৰাৰ ভেষজ ঔষধ ! অভিযোগ উত্থাপন কৰিছে জগন্নাথ মন্দিৰৰ এজন জ্যেষ্ঠ সেৱকে ।
মন্দিৰ প্ৰশাসনৰ ওচৰত লিখিত এজাহাৰ দাখিল কৰিছে এজন সেৱকে। এই ঘটনা জগন্নাথ মন্দিৰৰ ইতিহাসত প্ৰথম ঘটনা।যিটো এটা ক্ষমা কৰিব নোৱাৰা অপৰাধ বুলি দাবী কৰিছে সেৱকজনে।
পুৰীৰ মন্দিৰত গৰ্দাঘৰা কোঠাত দেৱতাৰ ঔষধ ৰখা হয়।তাতে ৰখা হয় দশমুল মডাক (বিশেষ বনৌষধি) । ছেবায়াত হালাধৰ দাসমোহপাত্ৰই অভিযোগ কৰে যে শ্ৰীক্ষেত্ৰৰ সেই কোঠাটোৰ পৰা ৭০টা মডাক চুৰি হৈছে।
সোমবাৰে এই সন্দৰ্ভত লিখিত অভিযোগ দাখিল কৰে।তথ্য অনুসৰি,শেহতীয়াকৈ ৰজবৈদ্য দেৱতাৰ চিকিৎসাৰ বাবে ৩১৩ টা দহ গ্ৰামৰ মডাক প্ৰস্তুত কৰিছিল।
যিবোৰ এটা নিৰ্দিষ্ট কোঠাত ৰখা হৈছিল। ধৰ্মীয় বিশ্বাস অনুসৰি স্নান শোভাযাত্ৰাৰ পাছত জগন্নাথ, বলাৰাম, আৰু সুভদ্ৰা অসুস্থ হৈ পৰে বুলি বিশ্বাস কৰা হয়।
এই ঔষধে তেওঁলোকৰ ৰোগ নিৰাময় কৰে বুলি অনুমান!১১ জুনত সম্পূৰ্ণ হৈছে স্নান যাত্ৰা। বৰ্তমানৰ বাবে জনসাধাৰণৰ দৃষ্টিৰ পৰা লুকুৱাই ৰখা হৈছে তিনিওগৰাকী দেৱ-দেৱী।






























