দুৰ্নীতিৰ অভিযোগত Odisha Vigilance Department য়ে আটক কৰিছে এগৰাকী উচ্চ পদস্থ খনি বিষয়াক । অভিযোগ অনুসৰি ঘোচ লোৱাৰ সময়তে বিষয়াগৰাকীক হাতে-লোতে ধৰা পৰে।
ইয়াৰ পাছতে ভুৱনেশ্বৰত থকা তেওঁৰ বাসগৃহকে ধৰি একাধিক স্থানত তল্লাচি অভিযান চলোৱা হয়। তল্লাচিৰ সময়ত বাসগৃহৰ পৰা কোটি কোটি টকাৰ নগদ ধন উদ্ধাৰ কৰা হয়।
নগদ ধনসমূহ ট্ৰলি বাকচ আৰু আলমাৰিৰ ভিতৰত সংৰক্ষিত অৱস্থাত পোৱা যায় বুলি ভিজিলেন্স সূত্ৰে জনোৱা হৈছে। লগতে কিছু পৰিমাণ সোনৰ গহনা আৰু গুৰুত্বপূৰ্ণ নথিপত্ৰও জব্দ কৰা হৈছে।
প্ৰাথমিক অনুসন্ধান অনুসৰি, এগৰাকী ব্যৱসায়ীৰ পৰা নিৰ্দিষ্ট পৰিমাণৰ ঘুচ গ্ৰহণৰ অভিযোগত বিষয়াগৰাকীক আটক কৰা হয়। ঘটনা সন্দৰ্ভত দুৰ্নীতি নিৰোধ আইন অনুসৰি এটা গোচৰ ৰুজু কৰা হৈছে।
তদন্তকাৰী সংস্থাই উদ্ধাৰ হোৱা ধনৰ উৎস আৰু সম্পত্তিৰ তথ্য বিশদভাৱে পৰীক্ষা কৰি আছে। ঘটনাই ৰাজ্যখনত চৰকাৰী ব্যৱস্থাৰ ভিতৰত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে অভিযান অধিক কঠোৰ কৰাৰ সংকেত বহন কৰিছে।






























