Rape: ৰাজস্থানৰ উদয়পুৰত এগৰাকী ফ্ৰান্সৰ পৰ্যটকক ধৰ্ষণৰ অভিযোগ । সোমবাৰে তেওঁ পাৰ্টিত এজন যুৱকৰ স’তে চিনাকি হয় ।তাৰ পাছত যুৱকজনে পৰ্যটকগৰাকীক উদয়পুৰৰ আশে-পাশে দেখুওৱাৰ প্ৰস্তাৱ দিয়ে।
অভিযোগ অনুসৰি বিদেশী মহিলাগৰাকীক লৈ যুৱকজনে নিজৰ ফ্লেটলৈ যায় আৰু তাতে তেওঁ ধৰ্ষণ কাৰ্য সংঘটিত কৰে । এই ঘটনাৰ পাছতে পৰ্যটকগৰাকীয়ে এফআইআৰ দাখিল কৰিছে।
এজাহাৰত ভুক্তভোগী মহিলাগৰাকীয়ে কয় যে,যোৱা ২২ জুনত তেওঁ দিল্লীৰ পৰা উদয়পুৰলৈ আহিছিল।আম্বামাটা অঞ্চলৰ এখন হোটেলত আছিল ।
সোমবাৰে নিশা টাইগাৰ হিলৰ ওচৰৰ কেফে এখনত পাৰ্টিত অংশ লৈছিল ছানীয়ে। তাতেই ফৰাচী যুৱতীগৰাকীয়ে অভিযুক্তক লগ পাইছিল।
কথাৰ মাজতে অভিযুক্তই যুৱতীগৰাকীক উদয়পুৰৰ আশে-পাশে থকা বিভিন্ন পৰ্যটনস্থলীৰ দেখুৱাবলৈ প্ৰস্তাব আগবঢ়াইছিল বুলি দাবী কৰে।
সেই প্ৰস্তাৱত মান্তি হ’ল পৰ্যটক ছানী। কিন্তু পাছদিনা যুৱকজনে তেওঁক ভ্ৰমণলৈ নিয়াৰ সলনি নিজৰ ফ্লেটলৈ লৈ গ’ল। আৰু তাৰ পাছতে যুৱকজনে তেওঁক অশ্লীল প্ৰস্তাৱ দিলে।
যেতিয়া তেওঁ যুৱকজনৰ কথা মানিবলৈ অস্বীকাৰ কৰিলে, তেতিয়া অভিযুক্তই জোৰ-জবৰদস্তি কৰে । ভুক্তভোগী মহিলাগৰাকীয়ে দাবী কৰে যে তেওঁৰ ফোনটো চাৰ্জ শেষ হোৱাত তেওঁ কাকো সহায়ৰ বাবে ফোন কৰিব নোৱাৰিলে।
ইয়াৰ পাছতে তেওঁ কোনোমতে যুৱকজনৰ ফ্লেটৰ পৰা ওলাই আহি স্থানীয় লোকৰ সহায়ত থানালৈ যায়।
ইয়াৰ পাছতে তেওঁ ধৰ্ষণৰ এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে অভিযুক্তৰ সন্ধান অব্যাহত ৰাখিছে।






























