Dispur Theft:
দিছপুৰ আৰক্ষীৰ তৎপৰতাত উৎখাত জালনোট প্রস্তুতকাৰী চক্ৰ ৷ গোপন সূত্ৰৰ পমখেদি দিছপুৰ আৰক্ষীৰ এটা দলে সিজুবাৰীৰ এটা অঞ্চলত অৰ্তকিতে অভিযান চলাই জালনোট প্রস্তুতকাৰী চক্ৰ এটা উৎখাত কৰিবলৈ সক্ষম হয় ৷
৪৫ লাখ ৬৬ হাজাৰ জালনোটসহ তিনিজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷ তেওঁলোকৰ পৰা আৰক্ষীয়ে জব্দ কৰে জালনোট প্ৰস্তুত কৰা সামগ্ৰী আৰু ইলেক্ট্রনিক ডিভাইচ ৷ ধৃত লোক কেইজন হ’ল ছাহিল আলী,ছাইফুল ইছলাম আৰু ইছলাম আলী ৷
# দিছপুৰ আৰক্ষীৰ জালত দুই গভাইত বাইক চোৰ
বিশেষ খবৰৰ ভিত্তিত অভিযান চলাই দুই দুৰ্ধৰ্ষ চোৰক গ্ৰেপ্তাৰ কৰে দিছপুৰ আৰক্ষীয়ে ৷ ধৃত চোৰ দুটাৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে মেঘালয়ৰ পৰা উদ্ধাৰ কৰে তিনিখনকৈ চুৰি বাইক, স্কুটাৰ ৷ ধৃত চোৰ দুটাৰ নাম বাহাৰুল ইছলাম আৰুৰহিম আলী ৷ ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে বাইক চোৰ দুটাক জেৰা চলাইছে ৷































