অসমৰ ‘বিদেশী’ ঘোষিত মহিলাৰ প্রত্যর্পণত স্থগিতাদেশ সর্বোচ্চ ন্যায়ালয়ৰ

জয়নাব বিবিৰ বিৰুদ্ধে ৰূঢ় ব্যৱস্থা নল'বলৈ কেন্দ্রলৈ নির্দেশ জাৰি

WAQF BOARD SUPREME COURT DELHI 2025 15 05 20

Supreme Court:বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা বিদেশী ঘোষিত অসমৰ ধিঙৰ এগৰাকী মহিলাক দেশৰ পৰা প্রত্যর্পণত মঙলবাৰে স্থগিতাদেশ জাৰি কৰে উচ্চতম ন্যায়ালয়ে।

ধিং মৌজাৰ অন্তৰ্গত মুৱামাৰী গাঁৱৰ জয়নাব বিবি নামৰ এই মহিলাগৰাকীয়ে ন্যায়ালয়ক অৱগত কৰে যে তেওঁৰ পৰিয়ালৰ সকলোৰে ভাৰতীয় নাগৰিকৰ প্রমাণপত্র আছে।

প্রজন্মৰ পাছত প্রজন্ম ধৰি তেওঁৰ পৰিয়ালে অসমতে বাস কৰি থকা বুলিও ন্যায়ালয়ক মহিলাগৰাকীয়ে জনোৱাৰ পাছত ন্যায়ালয়ে তেওঁক দেশৰ পৰা বহিষ্কৰণত স্থগিতাদেশ আৰোপ কৰে।

ন্যায়াধীশ কে ভি বিশ্বনাথন আৰু এন কটিশ্বৰ সিঙৰ এখন বিচাৰপীঠে বিবিৰ প্ৰত্যর্পণত স্থগিতাদেশ আৰোপ কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে ৰূঢ় ব্যৱস্থা নল’বলৈ কেন্দ্ৰলৈ নিৰ্দেশ জাৰি কৰে।

ন্যায়ালয়ত মহিলাগৰাকীৰ হৈ যুক্তি প্ৰদৰ্শন কৰে অধিবক্তা ফুজাইল আহমেদ আয়ুবি আৰু আকাংক্ষা ৰায়ে। এই সম্পর্কত অধিবক্তা আয়ুবিয়ে সাংবাদিকক জনোৱা মতে, মহিলাগৰাকীক বিদেশী ন্যায়াধিকৰণে একপক্ষীয় আৰু যান্ত্রিক আচৰণৰে বিদেশী ঘোষণা কৰে।

পৰৱৰ্তী সময়ত চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ে বিদেশী ন্যায়াধিকৰণৰ এই ৰায় বাহাল ৰাখে। উচ্চ ন্যায়ালয়ৰ এই নিশ্চিতিক প্রত্যাহ্বান জনাই মহিলাগৰাকী উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়।

তেওঁৰ আবেদনৰ ভিত্তিত ন্যায়ালয়ে গ্রহণ কৰা শুনানিৰ সময়ত তেওঁৰ অধিবক্তাদ্বয়ে শক্তিশালী আৰু স্পষ্ট প্রমাণ অবিহনে অসমত জধে-মধে বিদেশী ঘোষণা কৰা সম্পৰ্কীয় বিষয়টো উচ্চতম ন্যায়ালয়ে ২০২৪ত স্পর্শ কৰি সিদ্ধান্ত লোৱাৰ প্ৰসংগত উল্লেখ কৰে।

এই মহিলাগৰাকীৰ ক্ষেত্ৰত এই স্থিতি গ্ৰহণৰ সময়ত ন্যায়ালয়ে এই কথাও আঙুলিয়াই দিয়ে যে এজন ব্যক্তিৰ নাগৰিকত্বক লৈ সন্দেহ কৰিলে কর্তৃপক্ষই নিজৰ সমৰ্থনত প্রয়োজনীয় তথ্য যোগান ধৰিব পাৰিব লাগিব। এই ক্ষেত্ৰত কেৱল সন্দেহৰ ভিত্তিত কাম নকৰিবলৈ ন্যায়ালয়ে উল্লেখ কৰে বুলি অধিবক্তা আয়ুবিয়ে কয়।

আবেদনকাৰীয়ে জনায় যে তেওঁৰ ককাকৰ নাম ১৯৫১ৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি)ত আছে। একেদৰে ১৯৬৫ আৰু ১৯৭০ৰ ভোটাৰ তালিকাতো তেওঁৰ ককাকৰ নাম আছিল বুলি আবেদনকাৰীয়ে উল্লেখ কৰে যে তেওঁৰ পিতৃ-মাতৃৰ নামো ১৯৮৯ আৰু ১৯৯৭ৰ পৰা আছে।

অসমতে জন্মলাভ কৰা আৰু ডাঙৰ-দীঘল হোৱাৰ পাছতো বিদেশী ন্যায়াধিকৰণে অনুপ্ৰৱেশকাৰীক ৰায় দিয়ে বুলি আবেদনকাৰীয়ে কয়। অহা ২৫ আগষ্টত ন্যায়ালয়ে গোচৰটোৰ পুনৰ শুনানি গ্রহণ কৰিব। এই সময়ৰ ভিতৰত কেন্দ্ৰই গোচৰটোৰ সম্পৰ্কত স্থিতি ন্যায়ালয়ক অৱগত কৰিব লাগিব। আজি এই সংক্রান্তীয় নির্দেশো ন্যায়ালয়ে কেন্দ্রলৈ জাৰি কৰে।

Exit mobile version