Narendra Modi:১৯৭৫ চনৰ ২৫ জুনত তৎকালীন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দেশত জৰুৰীকালীন অৱস্থা জাৰি কৰিছিল।ভাৰতে বুধবাৰে জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰীয়া সম্পূৰ্ণ কৰিলে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দিনটোক ‘সংবিধান হত্যা দিৱস’ বুলি উল্লেখ কৰিছে।লগতে কংগ্ৰেছক আক্ৰমণ কৰি এটা প’ষ্টো শ্বেয়াৰ কৰিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোষ্টটোত লিখিছে, ‘৫০ বছৰ আগতে আজি ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসত এটা অন্ধকাৰ যুগ আৰম্ভ হৈছিল। ভাৰতীয়সকলে এই দিনটো সংবিধান হত্যা দিৱস হিচাপে পালন কৰে।আজিৰ দিনটোতে ভাৰতীয় সংবিধানত সন্নিৱিষ্ট মূল আদৰ্শসমূহ বিলুপ্ত কৰা হ’ল। মৌলিক অধিকাৰ বাতিল কৰি সংবাদ মাধ্যমৰ স্বাধীনতা কাঢ়ি লোৱা হ’ল। ৰাজনৈতিক নেতা, সমাজকৰ্মী, ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ মানুহক জেললৈ প্ৰেৰণ কৰা হৈছিল।সেই সময়ত ক্ষমতাত থকা কংগ্ৰেছ চৰকাৰে গণতন্ত্ৰক বন্দী কৰিছিল।’
কংগ্ৰেছৰ ষড়যন্ত্ৰৰ উদাহৰণ হিচাপে মোদীয়ে সংবিধানৰ ৪২ সংখ্যক সংশোধনীৰ উদাহৰণ দাঙি ধৰে। তেওঁ জনাইছে,” এই সংশোধনীৰ জৰিয়তে দৰিদ্ৰ, প্ৰান্তীয় আৰু পিছপৰা লোকসকলক লক্ষ্য কৰি অপমানিত কৰা হৈছিল। মোডীৰ ভাষাত, “সেই সময়ত কেৱল সংসদৰ কণ্ঠ দমন কৰাই নহয়, আদালত নিয়ন্ত্ৰণৰ চেষ্টাও হৈছিল। দেশবাসীয়ে সেই কথা কেতিয়াও পাহৰিব নোৱাৰে।”
মোদীয়ে কয়,”আমি জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে যুঁজ দিয়া সকলোকে প্ৰণাম জনাইছো। বিভিন্ন মতাদৰ্শৰ লোকে একত্ৰিত হৈ ভাৰতৰ গণতান্ত্ৰিক গাঁথনি আৰু স্বাধীনতা সংগ্ৰামীসকলৰ আদৰ্শক জীয়াই ৰাখিবলৈ চেষ্টা কৰিছিল।”
তেওঁলোকৰ সামূহিক সংগ্ৰামৰ বাবেই তৎকালীন কংগ্ৰেছ চৰকাৰে গণতন্ত্ৰ পুনৰুদ্ধাৰ কৰিবলগীয়া হৈছিল।
অৱশ্যে কেৱল প্ৰধানমন্ত্ৰীয়েই নহয়, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰেও জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ সম্পূৰ্ণ কৰাৰ পাছত এক্স হেণ্ডেলত এই বিষয়ত এটা পোষ্ট কৰে।
তেওঁ এই দিনটোক ভাৰতৰ ইতিহাসৰ ‘বেদনাদায়ক অধ্যায়’ বুলিও হিচাপে উল্লেখ কৰে। ইয়াৰ উপৰি মঙলবাৰে দিল্লীৰ ‘প্ৰধানমন্ত্ৰী সংগ্ৰহালয়’ অনুষ্ঠানৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছ আৰু ইন্দিৰা গান্ধীক আক্ৰমণ কৰে।
