পাৰপত্ৰ বাতিলৰে দিলজিতক নিষিদ্ধ কৰিবলৈ মোদীক দাবী এফডব্লিউআইচিইৰ

IMG 20250625 120519

Diljit Dosanjh:চৰ্দাৰজী-৩’ লৈ মহা বিপাকত বলিউড অভিনেতা দিলজিৎ দোছাঞ্জ। এইখন ছবিত দিলজিতৰ বিপৰীতে নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছে পাকিস্তানী অভিনেত্রী হানিয়া আমিৰে। এই পাক নায়িকাক লৈয়ে এতিয়া বিতর্ক হৈছে।

এইবাৰ দিলজিতক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ দাবীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰস্থ হ’ল ফেডাৰেচন অৱ বেষ্টার্ণ ইণ্ডিয়া চিনে এমপ্লয়িজ (এফডব্লিউআইচিই)-এ। এইখন ছবিৰ দৃশ্যগ্রহণ পহলগাম সন্ত্রাস কাণ্ডৰ পূৰ্বে সম্পূর্ণ হৈছিল।

পাকিস্তানী নায়িকাক লৈয়ে ছবিখনৰ দৃশ্যগ্রহণ দিলজিতে সম্পূৰ্ণ কৰিছিল। কিন্তু পহলগাম কাণ্ডৰ পাছত পাকিস্তানী শিল্পীক বলিউডে বর্জন কৰাৰ সিদ্ধান্ত ল’লে।

বিগত কিছুদিন ধৰি দিলজিতক এফডব্লিউআইচিইয়ে পাকিস্তানী অভিনেত্ৰীৰে ‘চৰ্দাৰজী-৩’ ছবিখন নিৰ্মাণ কৰাৰ বাবে গৰিহণা দি আহিছে। বিতৰ্কৰ কাৰণত ভাৰতত ‘চৰ্দাৰজী-৩’ মুক্তি নিদিয়াৰ সিদ্ধান্ত ল’লে প্রযোজকে।

এফডব্লিউআইচিইয়ে প্রধানমন্ত্রী মোদীলৈ পত্ৰ প্ৰেৰণ কৰি পাৰপত্ৰ বাতিলৰে দিলজিতক ভাৰতত নিষিদ্ধ কৰিবলৈ আহ্বান জনালে। উল্লেখ্য যে পাক অভিনেত্রী হানিয়াই বলিউডৰ ছবিত অভিনয় কৰিলেও একাধিকবাৰ ভাৰতবিৰোধী মন্তব্য কৰি আহিছে।

Exit mobile version