Chhaygaon Protest: অসম চৰকাৰ গ ‘ বেক , মেঘালয় চৰকাৰ গ ‘ বেক ধ্বনিৰে তিনি সহস্ৰাধিক ৰাইজৰ উত্তাল প্ৰতিবাদ

protestoo

Chhaygaon Protest:

অসম চৰকাৰ হায়, হায় । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ, মেঘালয় চৰকাৰ হায়, হায় ধ্বনিৰে উত্তাল দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ আকাশ বতাহ । বুধবাৰে ছয়গাঁৱৰ গৰু বজাৰত প্ৰথমে তিনি সহস্ৰাধিক ৰাইজ সমাগত হৈ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰায় ডেৰ কিলোমিটাৰ পথ পদযাত্ৰা কৰি ছয়গাঁও চক্ৰ বিষয়া কাৰ্যালয়লৈ আহে ।

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কইনাধৰাস্থিত অতিথিশালাত দ্বিপাক্ষীক আলোচনাৰ জৰিয়তে অসম মেঘালয় সীমান্তৱৰ্তী কুলশী নদীত ৫৫ মেগাৱাট বিদ্যুৎ উৎপাদনৰ বাবে জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিবলৈ তৎপৰ হোৱা কাৰ্য্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ছয়গাঁৱৰ ভালেমান দল সংগঠন ।

শ্ৰী, দ্ৰোণ, ঘোগা নদীৰ ত্ৰিবেণী সংগমস্থলীৰ পাৰত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাৰ নেতৃত্ব লয়  কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা, উকিয়াম-কেৰছাই আঞ্চলিক অসম-মেঘালয় সুৰক্ষা সমিতি, সদৌ অসম গাৰো জাতীয় পৰিষদ, কামৰূপ জিলা ৰাভা মহিলা পৰিষদ, কামৰূপ জিলা ৰাভা জাতীয় পৰিষদ, কামৰূপ জিলা গাৰো জাতীয় পৰিষদ, কামৰূপ জিলা গাৰো ছাত্ৰ সন্থা, কামৰূপ জিলা গাৰো মহিলা পৰিষদ, কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতি, কামৰূপ জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থা, কামৰূপ জিলা বেঙ্গলী যুৱ ছাত্ৰ ফেডাৰেচন, কামৰূপ জিলা ৰাভা সাহিত্য সভা, কামৰূপ জিলা গোর্খা ছাত্ৰ সন্থা, কেৰছাই আঞ্চলিক খাছী ছাত্ৰ সন্থা, ছয়গাঁও আঞ্চলিক ছাত্র সন্থা, বনগাঁও আঞ্চলিক সদৌ অসম ট্রাইবেল সংঘ, খিলঞ্জীয়া অধিকাৰ সংগ্ৰাম সমিতি, অসম, ৩ নং আমত’লা উন্নয়ন সমিতি, কামৰূপ জিলা খ্রীষ্টিয়ান ফ’ৰামকে ধৰি ১৯ টা দল-সংগঠন উপস্থিত আছিল ।

ছয়গাঁও আঞ্চলিক ৰাভা ছাত্র সন্থাৰ সভাপতি লস্কৰ ৰাভা, আৰছুৰ কেন্দ্ৰীয় উপ সভাপতি প্ৰদীপ ৰাভা, কামৰূপ জিলাৰ সাধাৰণ সম্পাদক অশোক নংবাক, নিখিল ৰাভা মহিলা পৰিষদৰ উপ সভানেত্ৰী বিচিত্ৰা ৰাভা, গাড়ো নেচনেল কাউঞ্চিলৰ সদস্য সুনীত মাৰাক প্ৰমুখ্যে ভালেমান লোকে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে ।

ঐতিহাসিক কুলচী নদীত ৬২ মিটাৰ উচ্চতাত পকী বান্ধ নিৰ্মাণ কৰি বিদ্যুৎ উৎপাদন কৰিলে ৩৫ কিলোমিটাৰ ব্যসাৰ্ধৰ অঞ্চল মৰুভূমি হোৱাৰ লগতে খেতি-বাতি শুকাই যাব, ৰিভাৰ ডলফিন নোহোৱা হৈ যাব আৰু জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি তীব্র ভাবুকি কঢ়িয়াই আনিব বুলি কয় প্ৰতিবাদী ৰাইজে । সভাত চৰকাৰে ৰাইজৰ তথা জনতাৰ ক্ষতি হোৱা কাম যাতে নকৰে তাৰ বাবে সকিয়াই দিয়ে ।

মুখ্যমন্ত্ৰীৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে পুনৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দিয়ে । ইয়াৰ পিছতে দল- সংগঠনৰ নেতৃবৰ্গই  ছয়গাঁৱৰ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ আহি খণ্ড উন্নয়ন বিষয়া বিদ্যুৎ কলিতাৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

Exit mobile version