Jorhat Police:
যোৰহাট সদৰ থানাৰ পুনৰ নাক কাটিলে অপৰাধীয়ে ৷ থানাৰ সন্মুখৰে পৰা আৰক্ষী জিন্মাৰ পৰা পলায়ন এটা আচামীৰ ৷ জেএমচিএইছলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়াৰ সময়তে পলায়ন কৰে আচামীটোৱে ৷
ADVERTISEMENT
আচামীটোক কৰায়ত্ত কৰিবলৈ চলি আছে আৰক্ষীৰ অভিযান ৷ যোৱাকালি চিনামৰাৰ পৰা আন চাৰি অপৰাধীৰ স’তে গ্ৰেপ্তাৰ কৰা হৈছিল পলাতক আচামীটোক। যোৰহাট জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ বাসগৃহৰ সমীপৰ হাবিত আচামীটো লুকাই থকাৰ সন্দেহ কৰা হৈছে ৷
উল্লেখ্য যে সোমবাৰেও থানাৰ ভিতৰৰ পৰা পলায়ন কৰিছিল এটা ড্রাগছ সৰবৰাহকাৰী ৷ সঞ্জয় সিং নামৰ ড্রাগছ সৰবৰাহকাৰীটোক মঙলবাৰে নিশা পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যোৰহাট আৰক্ষী ৷






























