উত্তৰাখণ্ডত ভয়ংকৰ দুৰ্ঘটনা ! আলাকনন্দ নদীত বাগৰি পৰিল যাত্ৰীবাহী বাছ

IMG 20250626 113706

Uttarakhand Bus Accident:উত্তৰাখণ্ডত বৃহস্পতিবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। ৰুদ্ৰপ্ৰয়াগত এখন যাত্ৰীবাহী বাছ আলকনন্দ নদীত বাগৰি পৰে। ঘটনাটোত এজন লোক নিহত হোৱাৰ বিপৰীতে আহত হৈছে সাতজন বাছৰ যাত্ৰী। উল্লেখ্য যে,কেবাজনো যাত্ৰী নিৰুদ্দেশ হৈছে ।উদ্ধাৰ অভিযান আৰম্ভ হৈছে।

তথ্য অনুসৰি আজি পুৱা ৰুদ্ৰপ্ৰয়াগ জিলাৰ ঘোলথিৰৰ সমীপত ১৮ জনীয়া এখন বাছ নিয়ন্ত্ৰণ হেৰুৱাই আলাকনন্দ নদীত বাগৰি পৰে।

উত্তৰাখণ্ডৰ আই জি আৰক্ষী নীলেশ আনন্দ ভৰণে জনোৱা মতে, দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ পাছতে এছ ডি আৰ এফ, আৰক্ষী আৰু প্ৰশাসনৰ দলে সেই স্থানত উপস্থিত হয়।

নিৰুদ্দেশ হোৱা যাত্ৰীসকলৰ সন্ধান অব্যাহত আছে।উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এক্স হেণ্ডেলত কয়, “ৰুদ্ৰপ্ৰয়াগত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। যুদ্ধকালীন তৎপৰতাত উদ্ধাৰ অভিযান চলিছে। মই স্থানীয় প্ৰশাসনৰ স’তে কথা পাতিছো। সকলো যাতে নিৰাপদে থাকে তাৰে প্ৰাৰ্থনা কৰিছো।”

Exit mobile version