সন্ত্ৰাসবাদৰ বিৰুদ্ধে অভিযান ! পঞ্জাৱ-হাৰিয়ানা-উত্তৰ প্ৰদেশৰ ১৮টা স্থানত NIAৰ তালাচী

IMG 20250626 143503

NIA: সন্ত্ৰাসবাদৰ বিৰুদ্ধে পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশত অভিযান চলাইছে NIA। সূত্ৰ অনুসৰি খালিস্তানী উগ্ৰপন্থীৰ সন্ধানত পঞ্জাৱৰ ন’টা, হাৰিয়ানাৰ সাতটা আৰু উত্তৰ প্ৰদেশৰ দুটা স্থানত তালাচী চলোৱা হৈছে।

ৰাজ্যসমূহৰ আৰক্ষী বিষয়াসকলেও NIAৰ লগত সংগ দিছে।

যোৱা বছৰৰ ২৩ ডিচেম্বৰত পঞ্জাৱৰ গুৰদাসপুৰ জিলাৰ পৰা যতীন্দ্ৰ সিং নামৰ এজন উগ্ৰপন্থীক NIA-এ গ্ৰেপ্তাৰ কৰিছিল। তেওঁ আছিল বাব্বৰ খালছা সন্ত্ৰাসবাদী সংগঠনৰ অন্যতম নেতা।

তেওঁৰ জেৰাৰ পৰা কেবাটাও গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে আৰক্ষীয়ে।

তদন্তত প্ৰকাশ পাইছে যে তেওঁ পঞ্জাৱৰ বিভিন্ন গেংষ্টাৰক মধ্যপ্ৰদেশৰ পৰা আগ্নেয়াস্ত্ৰ যোগান ধৰিছিল। তদুপৰি যতীন্দ্ৰ আছিল উগ্ৰপন্থী নেতা লখবীৰ সিং ওৰফে লাণ্ডাৰ অন্যতম ঘনিষ্ঠ সহযোগী।

তথ্য অনুসৰি, তেওঁ কেৱল সেয়া কৰাই নহয়,তেওঁ পঞ্জাৱত উগ্ৰপন্থী কাৰ্যকলাপৰ প্ৰচাৰৰ বাবেও কাম কৰিছিল ।

সূত্ৰ অনুসৰি যতীন্দ্ৰই মধ্যপ্ৰদেশৰ বলজিৎ সিং ওৰফে ৰানা ভাই নামৰ অস্ত্ৰ যোগানকাৰীৰ সহায়ত পঞ্জাৱকে ধৰি বিভিন্ন স্থানলৈ অস্ত্ৰ যোগান ধৰিছিল।

ইতিমধ্যে তদন্তকাৰীয়ে বলজিতক গ্ৰেপ্তাৰ কৰিছে। তেওঁৰ বিৰুদ্ধে অভিযোগনামাও দাখিল কৰা হৈছে।

এই চক্ৰত আৰু কোন জড়িত আছে সেই বিষয়ে বৰ্তমান তদন্ত অব্যাহত আছে। ইয়াৰ সমান্তৰালকৈ তদন্তকাৰীয়ে এই চক্ৰত উগ্ৰপন্থী নেতা লখবীৰ সিঙৰ ভূমিকাৰ ওপৰতো নজৰ ৰাখিছে।

সেই তথ্যৰ ভিত্তিত আৰু একাংশ খালিস্তানী উগ্ৰপন্থীৰ সন্ধানত বৃহস্পতিবাৰে এন আই এয়ে অভিযান আৰম্ভ কৰে।

Exit mobile version