Ambubachi mela 2025:অম্বুবাচী মহাযোগৰ আজি নিবৃত্তি,খোল খালে কামাখ্যা মন্দিৰৰ দুৱাৰ

আজি দেৱীক দৰ্শনৰ বাবে নিশাৰ পৰাই দীঘলীয়া শাৰী

kamakhuya

Ambubachi mela 2025:

দেৱী বন্দনাৰে চাৰিদিন উখল-মাখল হৈ থকাৰ পাছত আজি পুৱা ছয় পুনৰ খোল খালে কামাখ্যা মন্দিৰৰ দুৱাৰ। অম্বুবাচী মহাযোগৰ সামৰণিৰ পৰিপ্ৰেক্ষিতত ৰজঃস্বলা দেৱীয়ে মন্দিৰৰ গৰ্ভত ভক্তক আজিৰ পৰা পুনৰ আশীৰ্বাদ বৰষিব। দেৱীক দৰ্শনৰ বাবে সেয়েহে বুধবাৰে নিশাৰ পৰাই ভক্তই শাৰী পাতিবলৈ আৰম্ভ কৰে। আজি পুৱা ছয় বজাতহে মন্দিৰৰ দুৱাৰ খোল খাই।

দেৱীক দৰ্শনৰ পাছত ইমানদিনে কামাখ্যাত বাহৰ পাতি থকা বহুতে নিজৰ নিজৰ ঠাইলৈ উভতি যাব। বহু ৰৈ যাব। তেওঁলোকৰ কোনোবাই এমাহ পর্যন্ত থাকিব।উল্লেখ্য যে যোৱা ২২ জুনৰ পৰা প্ৰবৃত্তি হোৱা কামাখ্যাৰ অম্বুবাচীৰ আজি পুৱতি নিশা ৩-২৭ বজাত নিবৃত্তি হয়।

ইপিনে, বুধবাৰে পুৱা পাঁচ বজাৰ পৰাই শক্তিপীঠখনলৈ ভক্তৰ সোঁত আৰম্ভ হয়। দুপৰীয়ালৈকে মন্দিৰ চৌহদৰ লগতে চৌহদৰ বাহিৰতো মানুহৰ ভিৰত বিৰ দি বাট নোপোৱা পৰিৱেশৰ সৃষ্টি হয়। ৰ’দ আৰু গৰমক নেওচি দেৱী মাৰ আশিস ল’বলৈ সোঁত বোৱা ভক্তৰ নিৰাপত্তাৰ বিষয়টো তেতিয়া স্পর্শকাতৰ হৈ উঠে। তাৰ ফলতে মন্দিৰৰ পৰা ভক্তক উভতিবলৈ পাণ্ডু অভিমুখী নতুন পথটো প্রশাসনে মুকলি কৰি দিবলৈ বাধ্য হয়।

এই ভিৰ নিশালৈকে অব্যাহত আছে। যদিও সন্ধিয়া ছয় বজাৰ পৰা মন্দিৰলৈ যোৱাটো এইবাৰ নিষিদ্ধ কৰা হৈছিল, সেয়েহে নিৰ্ধাৰিত সেই সময়ৰ পূৰ্বেই। হেজাৰ হেজাৰ লোকে পদব্রজে মন্দিৰ অভিমুখে তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰে।

মঙলবাৰে নিশা বহু সাধু-সন্ন্যাসীয়ে অম্বুবাচীৰ তৃতীয় নিশাৰ বিশেষ পূজা সম্পন্ন কৰে। বিশেষকৈ নাগা সাধুসকলে হোম-যজ্ঞৰে তেওঁলোকৰ পূজা পাতে। তেনেদৰে মন্দিৰৰ পুখুৰীকেইটাৰ পাৰত বহিও শ শ সন্ন্যাসীয়ে পূজা অনুষ্ঠিত কৰে। পুখুৰীৰ পানীত ডিঙিলৈকে বুৰ গৈও একাংশ সন্ন্যাসীয়ে দেৱীৰ আৰাধনা কৰে। এনে পূজা, হোম-যজ্ঞত উচ্চাৰিত মন্ত্ৰ দেৱী আৰাধনাৰ শ্লোক আদিয়ে সমগ্র নিশাজুৰি কামাখ্যা মন্দিৰৰ পৰিৱেশ অভূতপূর্ব কৰি ৰাখে।

নিশা এইবাৰ সাধাৰণ ভক্তৰ আগমনত বাধা আৰোপ কৰাত সাধু-সন্ন্যাসীসকলেও মন্দিৰৰ স্বাভাৱিক পৰিৱেশৰ মাজত পূজা-অর্চনাৰে দেৱীৰ লগত একাত্ম হ’বলৈ সক্ষম হয়। উল্লেখ্য যে এইবাৰ অম্বুবাচী মেলাৰ নাম সলনি কৰি অম্বুবাচী মহাযোগ কৰা হয়। ইয়াৰ জৰিয়তে মেলামুখিতাক পার্যমানে পৰিহাৰ কৰি আধ্যাত্মিক চর্চাত অধিক মনোনিৱেশ কৰা হয়। তাৰেই প্রতিফলন যোৱা নিশাৰ পৰিৱেশত দেখা যায়।

Exit mobile version